November 14, 2024 12:09 PM

views 66

ৰাজ্যৰ ৫টা সমষ্টিত অনুষ্ঠিত উপ-নির্বাচন সামগ্রিকভাৱে শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত

ৰাজ্যৰ ৫টা সমষ্টিত কালি অনুষ্ঠিত উপ-নির্বাচন সামগ্রিকভাৱে শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত হয়। কোনো কোনো স্থানত দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হয় যদিও এনে ঘটনাই ভোটগ্রহণ প্ৰক্ৰিয়াত কোনো ধৰণৰ প্রভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। নির্বাচন অনুষ্ঠিত বঙাইগাঁও, চামগুৰি, বিহালী, চিদলী আৰু ধলাই সমষ্টিৰ ভোটগ্রহণ কালি বিয়লি ৫ বজাত সামৰণি পৰে। চামগুৰি সমষ্টিত সৰ্বাধিক আৰু বঙাইগাঁও সমষ্টিত সর্বনিম্ন ভোটগ্রহণ হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। নির্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে চামগুৰি সমষ্টিত ৭৯ শতাংশ, ...

November 14, 2024 9:33 AM

views 50

শ্রীলংকাই নতুন সংসদ নির্বাচনৰ বাবে আজি ভোটদান কৰিব

নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়কেৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰীক্ষাত আজি শ্রীলংকাই নতুন সংসদ নির্বাচনৰ বাবে ভোটদান কৰিব। ১ কোটি ১৭ লাখৰো অধিক ভোটাৰে ২২৫ জনীয়া সংসদীয় আসনৰ বাবে ৮ হাজাৰ ৮০০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। শ্ৰী দিশানায়কেৰ সংস্কাৰ কাৰ্যসূচীক আগুৱাই নিবলৈ সংসদত সংখ্যাগৰিষ্ঠতা লাভৰ লক্ষ্য লোৱা বাবে এই নির্বাচনক লীটমাচ টেষ্ট হিচাপে দেখা গৈছে। শাসকীয় দলটোৱে ছাজিথ প্রেমাদাশাৰ নেতৃত্বত গঠিত ছামাগী জন বালাৱেগয়া আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাণিল উইক্রেমসিংহৰ সৈতে মিত্ৰতা কৰা ন...

November 14, 2024 9:25 AM

views 65

ঝাৰখণ্ডৰ গাণ্ডেত ২০ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন

ঝাৰখণ্ডৰ গিৰিধে জিলাৰ গাণ্ডে বিধানসভা আসনৰ বাবে ভোটদান অনুষ্ঠিত হ'ব। ৰাজ্যখনত চলিত মাহৰ ২০ তাৰিখে দ্বিতীয় পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত গাণ্ডেতো এই ভোটদান অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে এই আসনখনৰ বাবে জে এম এমৰ প্ৰাৰ্থী হিচাপে কল্পনা মুৰ্মুৱেও প্রতিদ্বন্দ্বিতা আগবঢ়াব। শ্ৰীমতী মুর্মু হৈছে মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ পত্নী। ঝাৰখণ্ডত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ পিছত চলিত মাহৰ ২০ তাৰিখে হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান আৰম্ভ ...

November 14, 2024 9:20 AM

views 68

ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্রহণ কালি শান্তিপূর্ণভাৱে সম্পন্ন

ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্রহণ কালি শান্তিপূর্ণভাৱে সম্পন্ন হয়। ৰাজ্যখনত বিয়লি ৫ বজালৈ ৬৪.৮৬ শতাংশ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰা বুলি জানিব পৰা গৈছে। ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত এই হাৰ আছিল ৬৩.৯ শতাংশ। ভোটদাতাসকলে নির্বাচন বৰ্জনৰ আহ্বান নেওচি সন্তোষজনক হাৰত ভোটদান কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। আয়োগে লগতে ৰাজ্যখনৰ বাওঁপন্থী উগ্রবাদ প্রভাৱিত এলেকাসমূহত ভোটদানৰ হাৰ পূৰ্বৰ তুলনাত বৃদ্ধি পোৱা বুলি জানিবলৈ দিছে। আনহাতে, কালি অসমৰ পাঁচটা সমষ্টিতো অনুষ্ঠিত উপ-নির্...

November 12, 2024 2:19 PM

views 61

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু বিভিন্ন দলৰ জ্যেষ্ঠ নেতাসকলে আজি ৰাজ্যখনৰ ভিন ভিন জিলাত নিৰ্বাচনী সভা সম্বোধন কৰাৰ কথা আছে। শ্ৰী মোদীয়ে আজি চন্দ্ৰপুৰৰ চিমুৰ, ছোলাপুৰ আৰু পুনেত দলৰ হৈ প্ৰচাৰ চলাব। একেদৰে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে মুম্বাইত দুখন নির্বাচনী সভাত ভাগ ল'ব। ইপিনে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি বুলধানা জিলাৰ চিখালি আৰু গন্দিয়াত মহা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ ...

November 12, 2024 2:16 PM

views 66

৮২ জনীয়া ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

৮২ জনীয়া ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। এই পৰ্যায়ত ৰাজ্যখনৰ ৪৩ টা সমষ্টিক সামৰি লোৱা হ'ব। নির্বাচনী দলসমূহ সংশ্লিষ্ট কেন্দ্ৰলৈ প্ৰেৰণৰ প্ৰক্ৰিয়া চলি আছে। স্পৰ্শকাতৰ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা ২২৫ টা কেন্দ্ৰৰ ভিতৰত ১৯৪ টা কেন্দ্ৰত নিৰ্বাচনী দল কালি বায়ুসেনাৰ হেলিকপ্তাৰেৰে উপস্থিত হয়। বাকী ৩০ টা কেন্দ্ৰৰ নিৰ্বাচনী বিষয়াৰ দল আজি প্ৰেৰণ কৰা হৈছে। এই স্পর্শকাতৰ কেন্দ্ৰসমূহ পশ্চিম সিংভূম, লাটেহা, গঢ়ৱা, লোহাগড়া আৰু গুমলা জিলাত অৱস্থিত। ৰাজ্...

November 12, 2024 9:22 AM

views 56

অসমৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনত মুঠ ৩৪ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

অসমৰ পাঁচটা বিধানসভা সমষ্টিত কাইলৈ হ'বলগীয়া উপ-নির্বাচনৰ প্ৰচাৰ অভিযানৰ কালি বিয়লি সামৰণি পৰে। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত কালি শেষবাৰৰ বাবে ভোটদাতাৰ মন জয় কৰিবলৈ ৰাজনৈতিক দলসমূহে চেষ্টা চলোৱা পৰিলক্ষিত হয়। এই উপ-নির্বাচনত মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ধলাই আসনৰ বাবে ৮ গৰাকী, চামগুৰিৰ বাবে ১১ গৰাকী, চিদলী আসনখনৰ বাবে ৩ গৰাকী, বিহালী আসনখনৰ বাবে ৪ গৰাকী প্ৰাৰ্থী আৰু বঙাইগাঁও আসনৰ বাবে ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ১০ লাখতকৈও অধিক ভোটদাতাই এই প্ৰাৰ্থীসকলৰ ৰ...

November 5, 2024 1:18 PM

views 55

বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শর্মাই আজি ধলাই বিধানসভা সমষ্টিত উপ নির্বাচনৰ প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসৰ হৈ এন এম পি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত নিৰ্বাচনী সভাত অংশ লৈছে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে প্ৰাৰ্থীৰ্গৰাকীৰ হৈ পালাংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত নির্বাচনী সভাত ভাষণ দিব। কালি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ...

November 5, 2024 10:50 AM

views 58

ঝাৰখণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে এন ডি এৰ প্ৰাৰ্থীৰ হৈ নির্বাচনী প্ৰচাৰ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ঝাৰখণ্ডত বিজেপি নেতৃত্বাধীন এন ডি এৰ প্ৰাৰ্থীৰ হৈ ৰাজ্যখনৰ বিধানসভা নির্বাচনী প্ৰচাৰৰ বাবে দুখন ৰেলীত ভাগ ল'ব। ঝাৰখণ্ডৰ বিজেপিৰ সভাপতি তথা প্রাক্তন মুখ্যমন্ত্রী বাবুলাল মাৰাণ্ডিয়ে কৈছে যে প্রধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ১১.৩০ বজাত গড়ৱাহত প্ৰথমখন ৰাজহুৱা সভা আৰু দুপৰীয়া প্ৰায় ৩ বজাত চাইবাছাত দ্বিতীয়খন সভাক সম্বোধন কৰিব। উল্লেখযোগ্য যে ঝাৰখণ্ডত নির্বাচনী সময়সূচী ঘোষণা কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইখন হ'ব প্ৰথমখন নিৰ্বাচনী ৰেলী। ৰাজ্যখনত অহা ১৩ আৰু ২০ ন...

November 4, 2024 7:58 PM

views 67

কেৰালা, পাঞ্জাব আৰু উত্তৰ প্ৰদেশৰ ১৪ টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন সলনি

নির্বাচন আয়োগে কেৰালা, পাঞ্জাব আৰু উত্তৰ প্ৰদেশৰ ১৪ টা বিধানসভা সমষ্টিৰ বাবে হ’বলগীয়া উপ নিৰ্বাচনৰ দিন সলনি হোৱাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি এতিয়া এই সমষ্টিকেইটাৰ বাবে ১৩ নৱেম্বৰৰ সলনি ২০ নৱেম্বৰত ভোটগ্ৰহণ কৰা হ'ব। এই ১৪ টা সমষ্টি হৈছে কেৰালাৰ পালাক্কাড় পাঞ্জাবৰ দেৰা বাবা নানক, চাবেবৱাল, গিদ্দ্ৰেবাহা, বার্নালা আৰু উত্তৰ প্ৰদেশৰ মীৰাপুৰ, কুন্দাৰ্কি, গাজিয়াবাদ, খাইৰ, কাৰহাল, চিশ্বামাও, ফুলপুৰ, কাৰ্টেহাৰী আৰু মাজহাৱান। এই সমষ্টিসমূহৰ ভোটগণনাৰ দিনৰ কোনো সালসলনি কৰা হোৱা নাই আৰু পূৰ্বৰ দৰে ২৩ ন...