৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী আৰু আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে আজি দিল্লীৰ বিভিন্ন অংশত দলৰ হকে প্ৰচাৰ চলাব। ৰাহুল গান্ধীয়ে আজি বিয়লি সদৰ বজাৰ বিধানসভা সমষ্টিত ইন্দলোক এলেকাত এখন জনসভাত ভাষণ দিব। ইপিনে, আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে দিল্লী মহানগৰীৰ তিনিটা স্থানত জনসভাত ভাষণ দিব। আম আদমী পাৰ্টিৰ আন এগৰাকী নেতা তথা পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে দলৰ হৈ ৰ’ড শ্ব’ত ভাগ ল’ব।
Assamese | January 22, 2025 3:02 PM | Delhi Election | Election
দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ