কেন্দ্ৰীয় চৰকাৰে এখন দেশ এটা নির্বাচন সম্পর্কীয় বিধেয়ক দুখন ৩১ জন সাংসদৰে গঠিত যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিব৷ এই প্ৰস্তাৱিত সমিতিত ২১ জন লোকসভাৰ সদস্য আৰু ১০ জন ৰাজ্যসভাৰ সদস্য থাকিব৷ এই সাংসদসকলৰ ভিতৰত বিজেপি নেতা পি পি চৌধুৰী, অনুৰাগ সিং ঠাকুৰ, পৰশোত্তমভাই ৰূপালা, কংগ্ৰেছ নেতা প্ৰিয়ংকা গান্ধী আৰু মনীষ তিৱাৰী, টি এম চিৰ কল্যাণ বেনাৰ্জী আৰু এন চি পি (এছ পি)ৰ সুপ্রিয়া ছুলেও আছে। এই বিধেয়কদুখনৰ নাম আনুষ্ঠানিকভাৱে সংবিধানৰ এশ উনত্ৰিছ সংখ্যক সংশোধনী বিধেয়ক, ২০২৪ হিচাপে ৰখা হৈছে৷
Assamese | December 19, 2024 5:07 PM | Election | One Nation One Election | Political News
কেন্দ্ৰীয় চৰকাৰে এখন দেশ এটা নির্বাচন সম্পর্কীয় বিধেয়ক দুখন ৩১ জন সাংসদৰে গঠিত যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিব