ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। ধলাই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই আজি কাছাৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। ইপিনে, বঙাইগাঁৱৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত আজি সমাগত উপ-নির্বাচন সন্দৰ্ভত অসম গণ পৰিষদ, বিজেপি আৰু ইউ পি পি এল দলৰ এখন নির্বাচনী সভা অনুষ্ঠিত হয়। এই সভাত বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী, কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰীৰ লগতে তিনিওটা দলৰ ভালেসংখ্যক নেতা-কর্মী উপস্থিত থাকে। বঙাইগাঁও জিলাত উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। প্ৰতিটো দলে নিজৰ সমৰ্থিত প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে গাঁৱে-ভূঞে প্ৰচাৰ সভা পাতি অভিযান অব্যাহত ৰাখিছে।
Assamese | October 22, 2024 8:08 PM | Election
ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা বৃদ্ধি