আম আদমী পার্টিয়ে বিহালী আৰু চামগুৰি সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্রকাশ কৰিছে। তালিকাত প্ৰকাশ কৰা অনুসৰি দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অসমত নির্বাচনী প্ৰচাৰ চলাব। প্রাক্তন উপ-মুখ্যমন্ত্রী মনীষ ছিছ’দিয়া, দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশীৰ লগতে পঞ্জাবৰ ভগৱন্ত মানেও অসমত প্ৰচাৰ চলাবলৈ আহিব। ইয়াৰোপৰি প্ৰাক্তন ক্ৰিকেটাৰ তথা আপৰ ৰাজ্যসভাৰ সাংসদ হৰভজন সিং, সঞ্জয় সিং, দিল্লী চৰকাৰৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ লগতে ২৮ গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই অসমত প্ৰচাৰ চলাব। দুটাকৈ সমষ্টিত প্ৰচাৰ চলাবলৈ দলটোৱে আন ১২ গৰাকী ৰাজ্যিক নেতাৰ তালিকাত সন্নিবিষ্ট কৰিছে।
Assamese | October 26, 2024 7:50 PM | AAP | Assam Bye-Election | Election
বিহালী আৰু চামগুৰি সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্রকাশ ‘আপ’ৰ