নির্বাচন আয়োগে আজি ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্রহণৰ বাবে অধিসূচনা জাৰি কৰে। এই পৰ্যায়ত অহা ২০ নৱেম্বৰত ৰাজ্যখনত ৩৮ টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। এই পৰ্যায়ৰ বাবে ২৯ অক্টোবৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। ৩০ অক্টোবৰত মনোনয়নসমূহ পৰীক্ষা কৰা হ’ব আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে পহিলা নৱেম্বৰলৈকে মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। ৰাজ্যখনত এইবাৰ ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’ব। ২৩ নৱেম্বৰত ভোট গণনা কৰা হ’ব।
ইপিনে ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্রহণৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে। বৰ্তমানলৈকে ২৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। এই পৰ্যায়ৰ বাবে ২৫ অক্টোবৰ মনোনয়ন দাখিল অন্তিম দিন ধাৰ্য্য কৰা হৈছে।
Assamese | October 22, 2024 4:01 PM | ECI | Election | jharkhand election
ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্রহণৰ বাবে অধিসূচনা জাৰি