November 24, 2024 11:16 AM

views 77

ঝাৰখণ্ডত আই এন ডি আই মিত্ৰজোঁটৰ নৱনিৰ্বাচিত বিধায়কসকলৰ গুৰুত্বপূৰ্ণ বৈঠক

ঝাৰখণ্ডত আই এন ডি আই মিত্ৰ জোঁটৰ বিধায়িনী দলৰ নেতা বাছনি কৰাৰ উদ্দেশ্যে আজি ৰাঁচীত মিত্ৰজোঁটটোৰ নৱনিৰ্বাচিত বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ বাসগৃহত হ'বলগীয়া এই বৈঠকত ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ, আৰ জে ডি, চি পি আই এম এলৰ নৱনিৰ্বাচিত বিধায়কসকলে ভাগ ল'ব। সূত্ৰৰ পৰা জানিব পৰা মতে হেমন্ত চোৰেনে আই এন ডি আই মিত্ৰজোঁটৰ বিধায়িনী দলৰ নেতা হিচাপে বাছনি লাভ সম্ভাৱনা আছে। নেতা হিচাপে বাছনি লাভ কৰাৰ পাছত হেমন্ত চোৰেনে ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিব।

November 20, 2024 9:04 PM

views 84

ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ আৰু মহাৰাষ্ট্ৰত ৫৮.২২ শতাংশ ভোটদান

মহাৰাষ্ট্ৰৰ একক পৰ্যায়ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি বিয়লি সামৰণি পৰিছে। ঝাৰখণ্ডৰ নক্সাল অধ্যুষিত আৰু অতি স্পৰ্শকাতৰ বুলি চিহ্নিত ৩১টা ভোটকেন্দ্ৰত অৱশ্যে আবেলি ৪ বজাতে ভোটগ্রহণৰ সামৰণি পৰে। শেহতীয়া তথ্য অনুসৰি ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ আৰু মহাৰাষ্ট্ৰত ৫৮.২২ শতাংশ ভোটদান হয়। অৱশ্যে ভোট দানৰ প্ৰকৃত হাৰ ভোট গ্রহণ কেন্দ্ৰসমূহৰ পৰা অহা তথ্যৰ ভিত্তিত নিশাৰ ভাগলৈ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিব। আজি মহাৰাষ্ট্ৰৰ নাণ্ডেড় লোকসভা সমষ্টি, পাঞ্জাব, উত্তৰ প্ৰদেশ, কেৰালা আৰু উত্তৰ...

November 20, 2024 6:57 PM

views 73

মহাৰাষ্ট্ৰৰ একক পৰ্যায়ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি

মহাৰাষ্ট্ৰৰ একক পৰ্যায়ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি বিয়লি সামৰণি পৰিছে। ঝাৰখণ্ডৰ নক্সাল অধ্যুষিত আৰু অতি স্পৰ্শকাতৰ বুলি চিহ্নিত ৩১টা ভোটকেন্দ্ৰত অৱশ্যে আবেলি ৪ বজাতে ভোটগ্ৰহণৰ সামৰণি পৰে। শেহতীয়া তথ্য অনুসৰি ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ আৰু মহাৰাষ্ট্ৰত ৫৮.২২ শতাংশ ভোটদান হয়। অৱশ্যে ভোটগ্ৰহণৰ প্ৰকৃত হাৰ ভোটকেন্দ্ৰসমূহৰ পৰা অহা তথ্যৰ ভিত্তিত নিশাৰ ভাগলৈ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিব আজি মহাৰাষ্ট্ৰৰ নাড়ে লোকসভা সমষ্টি, পাঞ্জাব, উত্তৰ প্ৰদেশ, কেৰালা আৰু উত্তৰাখণ্ডৰ ১৫ট...

November 19, 2024 6:37 PM

views 112

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কাইলৈ ১২ খন জিলাৰ ৩৮টা সমষ্টিত ভোটগ্রহণ

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কাইলৈ ১২ খন জিলাৰ ৩৮টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব। কাইলৈ নির্বাচনী ভাগ্য নিৰূপণ হ'বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত বাৰহাইট সমষ্টিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন, ধানৱাৰ সমষ্টিত প্রদেশ বিজেপিৰ মুৰববী বাবুলাল মাৰাণ্ডি, গাণ্ডে সমষ্টিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পত্নী কল্পনা চোৰেন, ডুমকা সমষ্টিত মুখ্যমন্ত্ৰীৰ ভাতৃ বসন্ত চোৰেনো আছে। কাইলৈৰ ভোটগ্ৰহণৰ জৰিয়তে ৫২৮ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ'ব। ১২ খন জিলাৰ ১৪ হাজাৰ ২১৮টা ভোটগ্রহণ কেন্দ্ৰত শান্তিপূর...

November 19, 2024 12:30 PM

views 70

কাইলৈ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ কাইলৈ অনুষ্ঠিত হ'ব। এই পর্যায়ত ১২ খন জিলাৰ ৩৮টা সমষ্টি সামৰি লোৱা হ'ব। এই পৰ্যায়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে বাৰহাইট সমষ্টিৰ পৰা অৱতীৰ্ণ হৈছে। ইপিনে ৰাজ্যখনৰ বিজেপিৰ মুৰববী বাবুলাল মাৰাণ্ডিয়ে ধানৱাৰ আসনৰ পৰা প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ পত্নী কল্পনা চোৰেন গাণ্ডেক আৰু ভাতৃ বসন্ত চোৰেনক ডুমকা আসনৰ পৰা প্ৰক্ষেপ কৰা হৈছে। এই পর্যায়ত এক কোটি ২৩ লাখতকৈও অধিক ভোটদাতাই ৫৫ গৰাকী মহিলাকে ধৰি মুঠ ৫২৮ গৰাকী প্ৰাৰ্থীৰ ৰ...

November 14, 2024 9:25 AM

views 79

ঝাৰখণ্ডৰ গাণ্ডেত ২০ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন

ঝাৰখণ্ডৰ গিৰিধে জিলাৰ গাণ্ডে বিধানসভা আসনৰ বাবে ভোটদান অনুষ্ঠিত হ'ব। ৰাজ্যখনত চলিত মাহৰ ২০ তাৰিখে দ্বিতীয় পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত গাণ্ডেতো এই ভোটদান অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে এই আসনখনৰ বাবে জে এম এমৰ প্ৰাৰ্থী হিচাপে কল্পনা মুৰ্মুৱেও প্রতিদ্বন্দ্বিতা আগবঢ়াব। শ্ৰীমতী মুর্মু হৈছে মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ পত্নী। ঝাৰখণ্ডত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ পিছত চলিত মাহৰ ২০ তাৰিখে হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান আৰম্ভ ...

November 11, 2024 11:55 AM

views 95

ঝাৰখণ্ডত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

ঝাৰখণ্ডত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি সামৰণি পৰিব। পৰহিলৈ ৰাজ্যখনৰ ৪৩টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। আমাৰ সংবাদদাতাই জনোৱা মতে এন ডি এ আৰু আই এন ডি আই এ মিত্ৰজোঁটৰ তাৰকা প্ৰচাৰকসকলে দলীয় প্ৰাৰ্থীৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ চাৰে ১২ বজাত মেৰা বুথ সবছে মজবুত কার্যসূচীত, ঝাৰখণ্ডৰ দলীয় কার্যকৰ্তাসকলক ভিডিঅ' কনফাৰেন্সিংযোগে সম্বোধন কৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ...

November 8, 2024 12:37 PM

views 71

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত সামৰি ল’বলগীয়া এলেকাসমূহত ব্যাপক প্ৰচাৰ

এন ডি এ আৰু আই এন ডি আই মিত্ৰজোঁটৰ নেতাসকলে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত সামৰি ল'বলগীয়া এলেকাসমূহত ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত লৈছে। বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা কেন্দ্রীয় মন্ত্রী অন্নপূর্ণা দেৱীয়ে কালি হাজাৰিবাগত এখন নির্বাচনী সভাত ভাষণ দি ৰাজ্যখনৰ জনসাধাৰণ হেমন্ত চোৰেন নেতৃত্বাধীন চৰকাৰৰ অপশাসনক লৈ অসন্তুষ্ট হোৱা বুলি দাবী কৰে । ইপিনে, ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেত্ৰী কল্পনা চোৰেনে খুন্তিত এখন নির্বাচনী সভাত অংশ লয়। বিজেপিয়ে ঝাৰখণ্ডত ক্ষমতাত থকাৰ সময়ছোৱাত ৰাজ্যখনক পিছলৈ লৈ যোৱা ...

November 7, 2024 1:28 PM

views 53

এন ডি এ আৰু আই এন ডি আই মিত্রজোঁটৰ ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰ

এন ডি এ আৰু আই এন ডি আই মিত্রজোঁটে ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেত্ৰী স্মৃতি ইৰাণীয়ে কালি হাজাৰিবাগৰ এখন নির্বাচনী সভাত ভাষণ দি কয় যে ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছৰ নেতাসকলে মহিলাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছে। শ্ৰীমতী ইৰাণীয়ে কয় যে জনসাধাৰণে এই ৰাজনৈতিক দলকেইটাৰ গতিবিধি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু তেওঁলোকক আসন্ন বিধানসভা নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিব। ইপিনে, ঝাৰখণ্ড মুক্তি মৰ্চাৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী হেমন্ত চ...

November 5, 2024 10:50 AM

views 61

ঝাৰখণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে এন ডি এৰ প্ৰাৰ্থীৰ হৈ নির্বাচনী প্ৰচাৰ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ঝাৰখণ্ডত বিজেপি নেতৃত্বাধীন এন ডি এৰ প্ৰাৰ্থীৰ হৈ ৰাজ্যখনৰ বিধানসভা নির্বাচনী প্ৰচাৰৰ বাবে দুখন ৰেলীত ভাগ ল'ব। ঝাৰখণ্ডৰ বিজেপিৰ সভাপতি তথা প্রাক্তন মুখ্যমন্ত্রী বাবুলাল মাৰাণ্ডিয়ে কৈছে যে প্রধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ১১.৩০ বজাত গড়ৱাহত প্ৰথমখন ৰাজহুৱা সভা আৰু দুপৰীয়া প্ৰায় ৩ বজাত চাইবাছাত দ্বিতীয়খন সভাক সম্বোধন কৰিব। উল্লেখযোগ্য যে ঝাৰখণ্ডত নির্বাচনী সময়সূচী ঘোষণা কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইখন হ'ব প্ৰথমখন নিৰ্বাচনী ৰেলী। ৰাজ্যখনত অহা ১৩ আৰু ২০ ন...