ঝাৰখণ্ডত আই এন ডি আই মিত্ৰ জোঁটৰ বিধায়িনী দলৰ নেতা বাছনি কৰাৰ উদ্দেশ্যে আজি ৰাঁচীত মিত্ৰজোঁটটোৰ নৱনিৰ্বাচিত বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত হ’ব। মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ বাসগৃহত হ’বলগীয়া এই বৈঠকত ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ, আৰ জে ডি, চি পি আই এম এলৰ নৱনিৰ্বাচিত বিধায়কসকলে ভাগ ল’ব। সূত্ৰৰ পৰা জানিব পৰা মতে হেমন্ত চোৰেনে আই এন ডি আই মিত্ৰজোঁটৰ বিধায়িনী দলৰ নেতা হিচাপে বাছনি লাভ সম্ভাৱনা আছে। নেতা হিচাপে বাছনি লাভ কৰাৰ পাছত হেমন্ত চোৰেনে ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিব।
Assamese | November 24, 2024 11:16 AM | jharkhand election
ঝাৰখণ্ডত আই এন ডি আই মিত্ৰজোঁটৰ নৱনিৰ্বাচিত বিধায়কসকলৰ গুৰুত্বপূৰ্ণ বৈঠক