প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ঝাৰখণ্ডত বিজেপি নেতৃত্বাধীন এন ডি এৰ প্ৰাৰ্থীৰ হৈ ৰাজ্যখনৰ বিধানসভা নির্বাচনী প্ৰচাৰৰ বাবে দুখন ৰেলীত ভাগ ল’ব। ঝাৰখণ্ডৰ বিজেপিৰ সভাপতি তথা প্রাক্তন মুখ্যমন্ত্রী বাবুলাল মাৰাণ্ডিয়ে কৈছে যে প্রধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ১১.৩০ বজাত গড়ৱাহত প্ৰথমখন ৰাজহুৱা সভা আৰু দুপৰীয়া প্ৰায় ৩ বজাত চাইবাছাত দ্বিতীয়খন সভাক সম্বোধন কৰিব। উল্লেখযোগ্য যে ঝাৰখণ্ডত নির্বাচনী সময়সূচী ঘোষণা কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইখন হ’ব প্ৰথমখন নিৰ্বাচনী ৰেলী। ৰাজ্যখনত অহা ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’ব।
Assamese | November 5, 2024 10:50 AM | Election | Jharkhand | jharkhand election | narendra modi
ঝাৰখণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে এন ডি এৰ প্ৰাৰ্থীৰ হৈ নির্বাচনী প্ৰচাৰ কৰিব