October 29, 2024 8:01 PM

views 53

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াৰ সামৰণি

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াৰ সামৰণি পৰিছে। এই পৰ্যায়ত ২০ নৱেম্বৰত ৰাজ্যখনৰ ৩৮ টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। বৰ্তমানলৈকে ৬৩২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। কাইলৈ মনোনয়ন সমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে পহিলা নৱেম্বৰ পর্যন্ত মনোনয়ন পত্রসমূহ প্ৰত্যাহাৰ কৰিব পাৰিব। ইপিনে, ৰাজ্যখনৰ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষাৰ পাছত ৬২ খন মনোনয়ন নাকচ হয়। মনোনয়ন পত্ৰ পৰীক্ষাৰ পাছত প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত ৭৪৩ গৰাকী প্ৰা...

October 24, 2024 1:02 PM

views 48

এন ডি এ আৰু আই.এন.ডি.আই মিত্ৰজোটৰ মাজত অভিযোগ আৰু প্ৰতিঅভিযোগ বৃদ্ধি

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে এন ডি এ আৰু আই.এন.ডি.আই মিত্ৰজোটৰ মাজত অভিযোগ আৰু প্ৰতিঅভিযোগ বৃদ্ধি পাইছে। ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বিজেপিৰ সহ-প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত বাংলাদেশী আৰু ৰোহিংগীয়াৰ অনুপ্ৰৱেশৰ বাবে হেমন্ত চোৰেণ চৰকাৰেই দায়ী বুলি অভিযোগ উত্থাপন কৰাৰ লগতে এইবাৰৰ নিৰ্বাচন ঝাৰখণ্ডক বচাবলৈহে বুলি মত প্ৰকাশ কৰে। আনহাতে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা জেএমএম দলৰ কাৰ্যকৰী সভাপতি হেমন্ত চোৰেনে কয় যে বিজেপিয়ে উন্নয়নৰ নামত তেওঁৰ দলৰ নেতাসকলক চোৰাংচোৱাগিৰি কৰি মানুহক বিপথে পৰিচাল...

October 22, 2024 4:01 PM

views 45

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্রহণৰ বাবে অধিসূচনা জাৰি

নির্বাচন আয়োগে আজি ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্রহণৰ বাবে অধিসূচনা জাৰি কৰে। এই পৰ্যায়ত অহা ২০ নৱেম্বৰত ৰাজ্যখনত ৩৮ টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ বাবে ২৯ অক্টোবৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। ৩০ অক্টোবৰত মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে পহিলা নৱেম্বৰলৈকে মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। ৰাজ্যখনত এইবাৰ ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ'ব। ২৩ নৱেম্বৰত ভোট গণনা কৰা হ'ব। ইপিনে ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ ভোট...

October 18, 2024 12:02 PM

views 47

ঝাৰখণ্ড বিধানসভাৰ ১৩ নৱেম্বৰত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি

ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। অহা ১৩ নৱেম্বৰত হ'বলগীয়া নিৰ্বাচনৰ বাবে এই পৰ্যায়ত ৰাজ্যখনৰ ৪৩টা সমষ্টি সামৰি লোৱা হ'ব। প্ৰথম পৰ্যায়ৰ বাবে ২৫ অক্টোবৰ মনোনয়পত্র দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ২৮ অক্টোবৰত মনোনয়পত্রসমূহ পৰীক্ষা কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে ৩০ অক্টোবৰলৈ মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। ৰাজ্যখনত এইবেলি দুটা পৰ্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হ'ব। ২০ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ'ব। ২৩ নৱেম্বৰত ভোটগণনা কৰা হ'ব। আমাৰ সংবাদদা...

October 17, 2024 7:58 PM

views 54

ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ’ব

ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত ৰাজ্যখনৰ ৪৩টা সমষ্টি সামৰি লোৱা হ'ব। প্ৰথম পৰ্যায়ৰ বাবে ২৫ অক্টোবৰ মনোনয়পত্র দাখিলৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। ২৮ অক্টোবৰত মনোনয়পত্রসমূহ পৰীক্ষা কৰা হ'ব। ৰাজ্যখনত প্ৰথম পৰ্যায়ত ১৩ নৱেম্বৰত আৰু দ্বিতীয় পৰ্যায়ত ২০ নৱেম্বৰত ভোটগ্ৰহণ কৰা হ'ব। ২৩ নৱেম্বৰত ভোট গণনা কৰা হ'ব ।

October 3, 2024 12:24 PM

views 65

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আজি নিৰ্বাচনী ইস্তাহাৰৰ পাঁচটা মূল প্ৰতিশ্ৰুতি প্ৰকাশ কৰিব

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আজি নিৰ্বাচনী ইস্তাহাৰৰ পাঁচটা মূল প্ৰতিশ্ৰুতি প্ৰকাশ কৰিব। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনী সহঃপ্ৰভাৰীৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, পর্যায় ক্ৰমে দলীয় ইস্তাহাৰ প্ৰকাশ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত ঝাৰখণ্ড ৰাজ্য গঠনৰ ২৫ বছৰীয়া বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি দলটোৱে ২৫ দফীয়া ইস্তাহাৰ মুকলি কৰিব বুলি ড° শৰ্মাই জানিবলৈ দিয়ে। অন্তিম পৰ্যায়ত ভগৱান বীৰছা মুণ্ডাৰ ডেৰশ সংখ্যক জয়ন্তীৰ পূৰ...