April 26, 2024 6:57 PM

views 42

অন্ধ্ৰপ্ৰদেশৰ লোকসভা নিৰ্বাচনৰ বাবে ১,০৬১ আৰু বিধানসভা নিৰ্বাচনৰ বাবে ৫,৭২৯গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

অন্ধ্ৰপ্ৰদেশৰ লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ কালি অন্তিম দিন আছিল। মুঠ ২৫টা লোকসভা সমষ্টিৰ বাবে ১,০৬১খন মনোনয়ন দাখিল কৰা হৈছে আৰু ১৭৫খন ৰাজ্যিক বিধানসভা আসনৰ বাবে মুঠ ৫ হাজাৰ ৭২৯ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। YSRCP-ৰ মুৰব্বী আৰু মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে পুলিভেন্দুলা বিধানসভা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰাৰ বিপৰীতে বিৰোধী দলপতি তথা তেলেগু দেশমৰ মুৰব্বী নাৰা চন্দ্ৰ বাবু নাইডুৱে কুপ্পম বিধানসভাৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। পীতাপুৰম বিধানসভা আসনৰ বাবে ...

April 25, 2024 11:08 AM

views 37

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ লোকসভা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্রহণ

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে এইবেলি লোকসভা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে নেতাগৰাকীয়ে আজি কন্নৌজ সংসদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব। দুদিন পূৰ্বে দলে তেজ প্রতাপ যাদৱে কনৌজ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা দলে ঘোষণা কৰিছিল যদিও পাছত অখিলেশ যাদৱে আসনখনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয়। চতুর্থ পর্যায়ত ভোটগ্রহণ হ'বলগীয়া আসনখনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন। অখিলেশ যাদৱ এইবেলি সংসদীয় নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া উত্তৰ প্ৰদেশৰ মূলায়ম সিঙ যাদৱ...

April 22, 2024 11:31 AM

views 66

মালদ্বীপৰ সংসদীয় নিৰ্বাচনত ইতিমধ্যে ঘোষণা হোৱা ৮৬খন আসনৰ ভিতৰত পিএনচিৰ ৬৬খন আসনত জয়লাভ

মালদ্বীপত ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৰ শাসনাধিষ্ঠিত দল পিপলছ নেচনেল কংগ্রেছ (পি এন চি)য়ে কালি হৈ যোৱা সংসদীয় নিৰ্বাচনত ব্যাপক সংখ্যাগৰিষ্ঠতা লাভৰ দিশে আগবাঢ়িছে। মালদ্বীপৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে ইতিমধ্যে ঘোষণা হোৱা ৮৬ খন আসনৰ ভিতৰত মুইজ্জুৰ পি এন চিয়ে ৬৬ খন আসনত জয় লাভ কৰিছে। উল্লেখযোগ্য যে, মালদ্বীপৰ সংসদীয় নিৰ্বাচনৰ বাবে কালি অনুষ্ঠিত ভোটগ্রহণত ৮১ শতাংশ ভোটদান হৈছিল। এই নিৰ্বাচনত ৯৩ টা সমষ্টিৰ পৰা মুঠ ৩৬৮ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল।

April 12, 2024 4:27 PM

views 99

৭ মে’ত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অধিসূচনা জাৰি

নির্বাচন আয়োগে অহা ৭ মে'ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৪টা লোকসভা সমষ্টিত নির্বাচন অনুষ্ঠিত হ'ব। তৃতীয় পৰ্যায়ত অসমৰ লগতে পশ্চিমবংগৰ ৪ খনকৈ, গুজৰাটৰ ২৬, কৰ্ণাটকৰ ১৪, মহাৰাষ্ট্ৰৰ ১১, উত্তৰ প্ৰদেশৰ ১০, মধ্যপ্ৰদেশৰ ৮, ছত্তিশগড়ৰ ৭, বিহাৰৰ ৫, গোৱা আৰু দাদ্ৰা আৰু নগৰহাৱেলি তথা দমন আৰু ডিউৰ দুখনকৈ আৰু জম্মু-কাশ্মীৰত এখন আসনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। মধ্যপ্ৰদেশৰ বেতুল সমষ্টিৰ স্থগিত...

April 11, 2024 8:22 PM

views 66

অহা ১৯ এপ্ৰিলত হ’বলগীয়া নিৰ্বাচনৰ বাবে ছিটিজেন এক্সন পার্টীৰ প্ৰচাৰ অভিযান অব্যাহত

ছিটিজেন এক্সন পার্টীয়ে অহা ১৯ এপ্ৰিলত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি গেংটকৰ মনন কেন্দ্ৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দলৰ ছিকিম নির্বাচনী ইস্তাহাৰ প্ৰকাশৰ অনুষ্ঠানত ভাষণ দি কয় যে, ছিকিমৰ জনসাধাৰণে প্ৰয়োজনীয় সা-সুবিধা লাভ কৰাৰ বাবে দলটোক ভোট দিয়া প্রয়োজন। ছিকিমৰ জনসাধাৰণ মূল সুঁতিলৈ আহিব লাগিব বুলি উল্লেখ কৰি শ্ৰী নাড্ডাই কয় যে, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিয়েই হৈছে মূল সুঁতি। বিজেপিৰ সভাপতিগৰাকীয়ে ছিকিমৰ জনসাধাৰণক দুৰ্নীতি আৰু আঞ্চলিক দলসমূহক বি...

April 11, 2024 7:24 PM

views 53

কাইলৈ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অধিসূচনা জাৰি

অহা ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য তথা দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৪টা লোকসভা সমষ্টিত নির্বাচন অনুষ্ঠিত হ'ব। তৃতীয় পৰ্যায়ত অসমৰ লগতে পশ্চিমবংগৰ ৪ খন তথা গুজৰাটৰ ২৬, কৰ্ণাটকৰ ১৪, মহাৰাষ্ট্ৰৰ ১১, উত্তৰ প্ৰদেশৰ ১০, মধ্যপ্ৰদেশৰ ৮, ছত্তিশগড়ৰ ৭, বিহাৰৰ ৫, গোৱা আৰু দাদা আৰু নগৰহাৱেলি তথা দমন আৰু ডিউৰ দুখনকৈ আৰু জম্মু-কাশ্মীৰত এখন আসনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। মধ্যপ্ৰদেশৰ বেতুল সমষ্টিত স্থগিত ৰখা...

April 9, 2024 1:04 PM

views 66

ৰাজ্যত শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰৰ তৎপৰতা বৃদ্ধি, আজি অমিত শ্বাহৰ কেইবাখনো নিৰ্বাচনী সভা

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত শাসক-বিৰোধীৰ প্ৰচাৰৰ তৎপৰতা বৃদ্ধি হৈছে। বিভিন্ন দলৰ তাৰকা প্ৰচাৰকসকলে অসমলৈ আহি নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ আৰম্ভ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি লখিমপুৰত এখন জনসভাত অংশগ্রহণ কৰিব। ইয়াৰ পাছতে তেওঁ তিনিচুকীয়াত এটা ৰোড শ্ব’ত অংশ ল’ব। কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি দিনৰ চাৰে এঘাৰ বজাত লীলাবাৰী বিমান বন্দৰত অৱতৰণ কৰি দুপৰীয়া লখিমপুৰ নগৰৰ সমীপৰ চুকুলীভৰীয়াত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰ...

April 2, 2024 12:44 PM

views 99

নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণৰ উদ্দেশ্যে প্রধানমন্ত্ৰী মোদী দিনৰ প্ৰায় ১.৩০ বজাত জয়পুৰ মলাহেৰা গাঁৱত উপস্থিত হ’ব

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰ কৰেল লোকসভা সমষ্টিৰ অধীনৰ কটপুটলীত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। শ্রীমোদীয়ে মলাহেৰা গাঁৱত আয়োজন কৰা সভাস্থলীত দিনৰ প্ৰায় ১.৩০বজাত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকসভা সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ দলীয় প্ৰাৰ্থী ৰাও ৰাজেন্দ্ৰ সিঙৰ হৈ এই সভাত অংশ ল'ব। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত এয়া হ'ল ৰাজস্থানত শ্ৰীমোদীৰ নিৰ্বাচনকেন্দ্ৰিক প্ৰথমখন সভা। ৰাজ্যখনত অহা ১৯ আৰু ২৬ এপ্ৰিলত দুটা পৰ্যায়ত লোকসভা নির্বাচন অনুষ্ঠিত হ'ব।

April 2, 2024 12:06 PM

views 76

জয়পুৰ কৰেল লোকসভা সমষ্টিৰ অধীনৰ কটপুটলীত নির্বাচনী প্ৰচাৰ সভাত প্রধানমন্ত্রী মোদীয়ে অংশগ্ৰহণ কৰিব

♦ প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰ কৰেল লোকসভা সমষ্টিৰ অধীনৰ কটপুটলীত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। প্রধানমন্ত্রীগৰাকীয়ে লোকসভা সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ দলীয় প্রার্থী বাও ৰাজেন্দ্ৰ সিঙৰ হৈ এই সভাত অংশ ল'ব। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত এয়া হ'ল ৰাজস্থানত শ্রীমোদীৰ নিৰ্বাচনকেন্দ্রিক প্রথমখন সভা। ৰাজ্যখনত অহা ১৯ আৰু ২৬ এপ্ৰিলত দুটা পৰ্যায়ত লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। Read More :  শ্বিলং আৰু তুৰা লোকসভা সমষ্টিৰ বাবে অহা ১৯ এপ্রিলত নির্বাচন অন...

April 2, 2024 11:53 AM

views 162

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৯, ২৬ এপ্রিল আৰু ৭ মে’ত ৰাজ্য চৰকাৰৰ বন্ধ ঘোষণা

♦ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৯, ২৬ এপ্রিল আৰু ৭ মে’ত ৰাজ্য চৰকাৰে বন্ধ ঘোষণা কৰিছে। ৰাজ্যৰ সাধাৰণ প্রশাসন বিভাগে এই সন্দৰ্ভত কালি তিনিখন পৃথক অধিসূচনা জাৰি কৰিছে। Read More News : অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত  ৰঙালী বিহুৰ আগে-পাছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’বঃ শিক্ষামন্ত্রী এই অধিসূচনা অনুসৰি প্ৰথম পৰ্যায়ত নির্বাচন হ'বলগীয়া কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাৰ সকলো চৰকাৰী-বে-চৰকাৰী কাৰ্যালয়ত, পঞ্চায়তীবাজ ...