অহা ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ’ব। এই পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য তথা দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৪টা লোকসভা সমষ্টিত নির্বাচন অনুষ্ঠিত হ’ব। তৃতীয় পৰ্যায়ত অসমৰ লগতে পশ্চিমবংগৰ ৪ খন তথা গুজৰাটৰ ২৬, কৰ্ণাটকৰ ১৪, মহাৰাষ্ট্ৰৰ ১১, উত্তৰ প্ৰদেশৰ ১০, মধ্যপ্ৰদেশৰ ৮, ছত্তিশগড়ৰ ৭, বিহাৰৰ ৫, গোৱা আৰু দাদা আৰু নগৰহাৱেলি তথা দমন আৰু ডিউৰ দুখনকৈ আৰু জম্মু-কাশ্মীৰত এখন আসনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। মধ্যপ্ৰদেশৰ বেতুল সমষ্টিত স্থগিত ৰখা নিৰ্বাচনৰ বাবেও কাইলৈ অধিসূচনা জাৰি কৰা হ’ব। উল্লেখযোগ্য যে, তৃতীয় পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ’বলগীয়া বেতুল সংসদীয় সমষ্টিৰ নিৰ্বাচন বহুজন সমাজ পাৰ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীগৰাকীৰ মৃত্যুৰ বাবে স্থগিত ৰাখিবলগীয়া হৈছিল। অহা ১৯ এপ্ৰিললৈ মনোনয়ন দাখিল প্রক্রিয়া অব্যাহত থাকিব। অহা ৭ মে’ত তৃতীয় পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ’ব।
Assamese | April 11, 2024 7:24 PM | Election
কাইলৈ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অধিসূচনা জাৰি