November 8, 2024 12:35 PM

views 57

ঝাৰখণ্ডত নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে মানি চলিবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান নির্বাচন আয়োগৰ

নির্বাচন আয়োগে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে মানি চলিবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান জনাইছে। ৰাঁচীত কালি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়া কে ৰবিকুমাৰে ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি ভোটদাতাসকলক বিপথে পৰিচালিত কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ আগবঢ়ায়। তেওঁ লগতে নির্বাচনী সভাত ব্যক্তিগত আক্রমণ এৰাই চলিবলৈও আহ্বান জনায়। তেওঁ কয় যে, ৰাজনৈতিক দলসমূহ নির্বাচনী আচৰণ বিধি মানি চলিবলৈ বাধ্য কিয়নো ৰাজনৈতিক দল আৰু ...

November 7, 2024 1:29 PM

views 44

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত ভোটদাতাক প্রলোভিত কৰাৰ বাবে অনা সামগ্ৰী, সুৰা, ড্ৰাগছ আৰু বহুমূলীয়া ধাতু জব্দ নির্বাচনী আয়োগৰ

নির্বাচনী আয়োগৰ সংস্থাসমূহে নির্বাচন হ'বলগীয়া মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড তথা উপ- নির্বাচন হ'বলগীয়া অন্যান্য ৰাজ্যসমূহত পাঁচশ আঠাৱন্ন কোটি টকা নগদ ধন, ভোটদাতাক প্রলোভিত কৰাৰ বাবে অনা সামগ্ৰী, সুৰা, ড্ৰাগছ আৰু বহুমূলীয়া ধাতু জব্দ কৰিছে। আয়োগে জনাইছে যে মহাৰাষ্ট্ৰত চলা অভিযানত প্রায় দুশ আশী কোটি টকা জব্দ কৰা হৈছে। আনহাতে ঝাৰখণ্ডৰ পৰা এতিয়ালৈকে প্ৰায় এশ আঠাৱন্ন কোটি টকা জব্দ কৰাৰ বাতৰি পোৱা গৈছে। আয়োগৰ তথ্য অনুসৰি ২০১৯ চনৰ বিধানসভা নিৰ্বাচনৰ তুলনাত নির্বাচন হ'বলগীয়া ৰাজ্য দুখনত জব্দ কৰা ধনৰ পৰ...

November 4, 2024 7:58 PM

views 74

কেৰালা, পাঞ্জাব আৰু উত্তৰ প্ৰদেশৰ ১৪ টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন সলনি

নির্বাচন আয়োগে কেৰালা, পাঞ্জাব আৰু উত্তৰ প্ৰদেশৰ ১৪ টা বিধানসভা সমষ্টিৰ বাবে হ’বলগীয়া উপ নিৰ্বাচনৰ দিন সলনি হোৱাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি এতিয়া এই সমষ্টিকেইটাৰ বাবে ১৩ নৱেম্বৰৰ সলনি ২০ নৱেম্বৰত ভোটগ্ৰহণ কৰা হ'ব। এই ১৪ টা সমষ্টি হৈছে কেৰালাৰ পালাক্কাড় পাঞ্জাবৰ দেৰা বাবা নানক, চাবেবৱাল, গিদ্দ্ৰেবাহা, বার্নালা আৰু উত্তৰ প্ৰদেশৰ মীৰাপুৰ, কুন্দাৰ্কি, গাজিয়াবাদ, খাইৰ, কাৰহাল, চিশ্বামাও, ফুলপুৰ, কাৰ্টেহাৰী আৰু মাজহাৱান। এই সমষ্টিসমূহৰ ভোটগণনাৰ দিনৰ কোনো সালসলনি কৰা হোৱা নাই আৰু পূৰ্বৰ দৰে ২৩ ন...

October 29, 2024 6:00 PM

views 61

ৰাজ্যিক নির্বাচন আয়োগৰ ২০২৫ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

ৰাজ্যিক নির্বাচন আয়োগে ২০২৫ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে। ভোটদাতাসকলে বিশেষ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত নিজৰ ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। আজিৰ পৰা ২৮ নৱেম্বৰৰ ভিতৰত নাগৰিকে দাবী বা আপত্তি দৰ্শাব পাৰিব। এই সময়ছোৱাত ৰাজ্যবাসীয়ে প্ৰ-পত্ৰ ৬, ৬(ক), ৭ আৰু ৮ পূৰণ কৰিব পাৰিব। ৰাজ্যিক নির্বাচন আয়োগে ৯, ১০, ১৬ আৰু ১৭ নৱেম্বৰত বিশেষ প্ৰচাৰৰ দিন ধাৰ্য কৰিছে। খচৰা ভোটাৰ তালিকা সন্দৰ্ভত দাবী আৰু আপত্তিসমূহ অহা ২৪ ডিচেম্বৰত নিষ্পত্তি কৰা হ'ব।

October 22, 2024 6:31 PM

views 71

ৰাজ্যিক নির্বাচন আয়োগৰ নিৰ্দেশমৰ্মে আঞ্চলিক পঞ্চায়তৰ ফটোবিহীন খচৰা ভোটাৰ তালিকা প্ৰকাশ

ৰাজ্যিক নির্বাচন আয়োগৰ নিৰ্দেশমৰ্মে আজি শিৱসাগৰ সদৰ মহকুমা পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ অন্তৰ্গত ডিমৌ, শিৱসাগৰ, গৌৰীসাগৰ আৰু আমগুৰি আঞ্চলিক পঞ্চায়তৰ ফটোবিহীন খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। চলিত বৰ্ষৰ শিৱসাগৰ সদৰ মহকুমাৰ অন্তৰ্গত পঞ্চায়তৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৩ লাখ ৭৮ হাজাৰ ২১ গৰাকী। মহকুমাটোৰ অন্তৰ্গত পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ অধীনৰ জিলা পৰিষদৰ আসনৰ সংখ্যা ১৩ খন। একেদৰে আঞ্চলিক পঞ্চায়তৰ আসনৰ সংখ্যা ৪ খন। জিলাখনৰ ৬২ খন গাঁৱত ৬২০টা ৱাৰ্ড আছে। আনহাতে মুঠ পঞ্চায়তৰ ভোটকেন্দ্ৰৰ সংখ্যা ৬৩৮টা। ভোটা...

September 28, 2024 8:22 PM

views 78

মহাৰাষ্ট্ৰৰ সমাগত বিধানসভা নিৰ্বাচনত সকলো ভোটদাতাকে ব্যাপক হাৰত ভোটদান কৰিবলৈ নির্বাচন আয়োগৰ আহ্বান

ভাৰতীয় নির্বাচন আয়োগে মহাৰাষ্ট্ৰৰ সমাগত বিধানসভা নিৰ্বাচনত সকলো ভোটদাতাকে ব্যাপক হাৰত ভোটদান কৰি গণতন্ত্ৰৰ উৎসৱক সফল কৰি তুলিবলৈ আহ্বান জনাইছে। সমাগত নিৰ্বাচনৰ বাবে সকলোধৰণৰ প্ৰস্তুতিৰ বুজ ল'বলৈ দুদিনীয়া ভ্ৰমণসূচীৰে মহাৰাষ্ট্ৰলৈ যোৱা মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত এইদৰে প্ৰকাশ কৰে। মুখ্য নির্বাচন আয়ুক্ত শ্ৰী কুমাৰ, নিৰ্বাচন আয়ুক্তদ্বয় জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সন্ধুৱে আজি ১১ টা ৰাজনৈতিক দল আৰু বিভিন্ন বিধি বলৱৎকাৰী সন্থাৰ প্ৰতিনিধিৰ সৈতে বৈঠকত ...

September 13, 2024 8:16 PM

views 49

নির্বাচন সম্পৰ্কীয় বিভিন্ন বিষয়ৰ প্ৰচাৰৰ সহায়ক হোৱাকৈ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ত দুটা শুভঙ্কৰ আৰু এটা ল’গ মুকলি

নির্বাচন সম্পৰ্কীয় বিভিন্ন বিষয়ৰ প্ৰচাৰৰ সহায়ক হোৱাকৈ তথা ভোটাৰক আকৰ্ষিত কৰিব পৰাকৈ আজি অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ত দুটা শুভঙ্কৰ আৰু এটা ল'গ মুকলি কৰা হয়। অসমৰ কৃষ্টি- সংস্কৃতিৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা লাডু আৰু পিঠা প্রতীকিৰ এই শুভংকৰ দুটা অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গ'ৱেলে মুকলি কৰে। এই শুভংকৰ দুটাৰ লগতে মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ এটা ল'গ' মুকলি কৰে। ৰংঘৰ, ব্ৰহ্মপুত্ৰ, বিহু আৰু গড়ক সামৰি এই ল'গ'টো প্ৰস্তুত কৰা হৈছে। শুভং...

September 5, 2024 6:03 PM

views 73

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি নির্বাচন আয়োগৰ

নির্বাচন আয়োগে আজি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। ইয়াৰ লগে লগে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন অহা ১২ ছেপ্তেম্বৰ। ১৩ তাৰিখে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। ইফালে, ১৬ ছেপ্তেম্বৰৰ ভিতৰত ইচ্ছুকসকলে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। ৯০ খন আসনবিশিষ্ট হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে ৫ অক্টোবৰত ভোটগ্ৰহণ কৰা হ'ব। নিৰ্বাচনৰ ভোটগণনা ৮ অক্টোবৰত সম্পন্ন হ'ব।

July 19, 2024 7:26 PM

views 60

ভোটাৰ তালিকাৰ সংশোধনৰ সময়সীমা নির্ধাৰণ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে লোকসভা নিৰ্বাচনত জয়লাভ কৰা ৰাজ্যৰ ৫গৰাকী বিধায়কে প্রতিনিধিত্ব কৰা ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচন বাবে ভোটাৰ তালিকাৰ সংশোধনৰ সময়সীমা নির্ধাৰণ কৰিছে। সেই অনুসৰি অহা ৩০ জুলাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। ৩০ জুলাইৰ পৰা ১০ আগষ্টলৈ দাবী আৰু আপত্তি দাখিল কৰিব পৰা যাব। ৩ আৰু ৪ আগষ্টত বিশেষ অভিযানত দিন ধাৰ্য কৰা হৈছে। নির্বাচন আয়োগে ১৯ আগষ্টৰ ভিতৰত দাবীসমূহ নিস্পত্তি কৰি ২০ আগষ্টত চূড়ান্ত ভোটাৰ তালিক প্ৰকাশ কৰিব। উপ-নির্বাচন হ'বলগীয়া সমষ্টিকেইটা হৈছে – ধলাই, চিদলী, বঙাইগাঁও,...

May 26, 2024 12:42 PM

views 65

নির্বাচন আয়োগৰ লোকসভা নিৰ্বাচনৰ পাঁচটা পৰ্যায়ৰ ভোটগ্রহণৰ সম্পূর্ণ তথ্য প্রকাশ

নির্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ হৈ যোৱা পাঁচটা পৰ্যায়ৰ ভোটগ্রহণৰ সম্পূর্ণ তথ্য কালি প্রকাশ কৰিছে। নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পর্যায়ত আয়োগে প্রকাশ কৰা ভোটদানৰ হাৰ বিসংগতিপূর্ণ বুলি বিৰোধী ৰাজনৈতিক দলসমূহে কৰি অহা অভিযোগক নসাৎ কৰি কালি আয়োগে ভোটদানৰ হাৰ সাল-সলনি কৰাটো সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে বুথ পৰ্যায়ৰ ভোটদানৰ হাৰ আয়োগক প্ৰকাশ কৰিবলৈ নির্দেশনা দিব লাগে বুলি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল যদিও যোৱা ২৪ মে'ত ন্যায়ালয়ে এই আবেদন অগ্রাহ্য কৰি আয়োগক নির্দেশনা দিবলৈ অস্বীক...