নির্বাচন আয়োগে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে মানি চলিবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান জনাইছে। ৰাঁচীত কালি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়া কে ৰবিকুমাৰে ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি ভোটদাতাসকলক বিপথে পৰিচালিত কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ আগবঢ়ায়। তেওঁ লগতে নির্বাচনী সভাত ব্যক্তিগত আক্রমণ এৰাই চলিবলৈও আহ্বান জনায়। তেওঁ কয় যে, ৰাজনৈতিক দলসমূহ নির্বাচনী আচৰণ বিধি মানি চলিবলৈ বাধ্য কিয়নো ৰাজনৈতিক দল আৰু সংশ্লিষ্ট পক্ষৰ সৈতে আলাপ আলোচনাৰ অন্তত এই আচৰণ বিধি প্রস্তুত কৰি উলিওৱা হৈছে।
Assamese | November 8, 2024 12:35 PM | Election Commission
ঝাৰখণ্ডত নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে মানি চলিবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান নির্বাচন আয়োগৰ