ভাৰতীয় নির্বাচন আয়োগে মহাৰাষ্ট্ৰৰ সমাগত বিধানসভা নিৰ্বাচনত সকলো ভোটদাতাকে ব্যাপক হাৰত ভোটদান কৰি গণতন্ত্ৰৰ উৎসৱক সফল কৰি তুলিবলৈ আহ্বান জনাইছে। সমাগত নিৰ্বাচনৰ বাবে সকলোধৰণৰ প্ৰস্তুতিৰ বুজ ল’বলৈ দুদিনীয়া ভ্ৰমণসূচীৰে মহাৰাষ্ট্ৰলৈ যোৱা মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত এইদৰে প্ৰকাশ কৰে। মুখ্য নির্বাচন আয়ুক্ত শ্ৰী কুমাৰ, নিৰ্বাচন আয়ুক্তদ্বয় জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সন্ধুৱে আজি ১১ টা ৰাজনৈতিক দল আৰু বিভিন্ন বিধি বলৱৎকাৰী সন্থাৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয়।
Assamese | September 28, 2024 8:22 PM | ECI | Election Commission | maharastra
মহাৰাষ্ট্ৰৰ সমাগত বিধানসভা নিৰ্বাচনত সকলো ভোটদাতাকে ব্যাপক হাৰত ভোটদান কৰিবলৈ নির্বাচন আয়োগৰ আহ্বান