নির্বাচন আয়োগে লোকসভা নিৰ্বাচনত জয়লাভ কৰা ৰাজ্যৰ ৫গৰাকী বিধায়কে প্রতিনিধিত্ব কৰা ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচন বাবে ভোটাৰ তালিকাৰ সংশোধনৰ সময়সীমা নির্ধাৰণ কৰিছে। সেই অনুসৰি অহা ৩০ জুলাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব। ৩০ জুলাইৰ পৰা ১০ আগষ্টলৈ দাবী আৰু আপত্তি দাখিল কৰিব পৰা যাব। ৩ আৰু ৪ আগষ্টত বিশেষ অভিযানত দিন ধাৰ্য কৰা হৈছে। নির্বাচন আয়োগে ১৯ আগষ্টৰ ভিতৰত দাবীসমূহ নিস্পত্তি কৰি ২০ আগষ্টত চূড়ান্ত ভোটাৰ তালিক প্ৰকাশ কৰিব। উপ-নির্বাচন হ’বলগীয়া সমষ্টিকেইটা হৈছে – ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি।
Assamese | July 19, 2024 7:26 PM | Election Commission
ভোটাৰ তালিকাৰ সংশোধনৰ সময়সীমা নির্ধাৰণ নির্বাচন আয়োগৰ