ৰাজ্যিক নির্বাচন আয়োগে ২০২৫ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে। ভোটদাতাসকলে বিশেষ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত নিজৰ ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। আজিৰ পৰা ২৮ নৱেম্বৰৰ ভিতৰত নাগৰিকে দাবী বা আপত্তি দৰ্শাব পাৰিব। এই সময়ছোৱাত ৰাজ্যবাসীয়ে প্ৰ-পত্ৰ ৬, ৬(ক), ৭ আৰু ৮ পূৰণ কৰিব পাৰিব। ৰাজ্যিক নির্বাচন আয়োগে ৯, ১০, ১৬ আৰু ১৭ নৱেম্বৰত বিশেষ প্ৰচাৰৰ দিন ধাৰ্য কৰিছে। খচৰা ভোটাৰ তালিকা সন্দৰ্ভত দাবী আৰু আপত্তিসমূহ অহা ২৪ ডিচেম্বৰত নিষ্পত্তি কৰা হ’ব।
Assamese | October 29, 2024 6:00 PM | Election Commission
ৰাজ্যিক নির্বাচন আয়োগৰ ২০২৫ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ