নির্বাচন আয়োগে কেৰালা, পাঞ্জাব আৰু উত্তৰ প্ৰদেশৰ ১৪ টা বিধানসভা সমষ্টিৰ বাবে হ’বলগীয়া উপ নিৰ্বাচনৰ দিন সলনি হোৱাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি এতিয়া এই সমষ্টিকেইটাৰ বাবে ১৩ নৱেম্বৰৰ সলনি ২০ নৱেম্বৰত ভোটগ্ৰহণ কৰা হ’ব। এই ১৪ টা সমষ্টি হৈছে কেৰালাৰ পালাক্কাড় পাঞ্জাবৰ দেৰা বাবা নানক, চাবেবৱাল, গিদ্দ্ৰেবাহা, বার্নালা আৰু উত্তৰ প্ৰদেশৰ মীৰাপুৰ, কুন্দাৰ্কি, গাজিয়াবাদ, খাইৰ, কাৰহাল, চিশ্বামাও, ফুলপুৰ, কাৰ্টেহাৰী আৰু মাজহাৱান। এই সমষ্টিসমূহৰ ভোটগণনাৰ দিনৰ কোনো সালসলনি কৰা হোৱা নাই আৰু পূৰ্বৰ দৰে ২৩ নৱেম্বৰতে ভোটগণনা কৰা হব। বিজেপি, কংগ্ৰেছ, বি এছ পিৰ লগতে বিভিন্ন ৰাজনৈতিক দল আৰু কেতবোৰ সামাজিক সংস্থাৰ পৰা লাভ কৰা আবেদনৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ৰাজনৈতিক তথা সংস্থাসমূহে অহা ১৩ নৱেম্বৰত কেইবাটাও সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় কাৰ্যসূচী থকাৰ বাবে ভোটগ্ৰহণৰ দিন সলনি কৰিবলৈ দাবী জনাইছিল।
Assamese | November 4, 2024 7:58 PM | ECI | ECi team | Election | Election Commission | India
কেৰালা, পাঞ্জাব আৰু উত্তৰ প্ৰদেশৰ ১৪ টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন সলনি