August 5, 2026 6:37 PM

views 5

বৰাক উপত্যকাত বার্মিজ তামোলৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযান অব্যাহত

বৰাক উপত্যকাত বার্মিজ তামোলৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে বিধি বলবৎকাৰী সঞ্চালকালয়ে অভিযান অব্যাহত ৰাখিছে। ইয়াৰ অংশহিচাপে আজি কাচাৰ জিলাৰ ৫টা স্থান আৰু হাইলাকান্দি জিলাৰ এটা স্থানত অভিযান চলাই দলটোৱে অবৈধ সৰবৰাহৰ লগত জড়িত বিভিন্ন নথি পত্ৰ জব্দ কৰিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে ইয়াৰ লগত জড়িত থকাৰ অভিযোগত ৩ জন লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহত অভিযান চলায়।

June 23, 2026 2:31 PM

views 25

শিক্ষক নিযুক্তি পৰীক্ষাৰ অনিয়মৰ গোচৰত চেন্নাই তিৰুচিৰাপল্লী, কয়েম্বেটৰ আৰু মাদুৰাইত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ অভিযান চলায়

বিধি বলৱৎকাৰী সঞ্চালকালয়ে শিক্ষক নিযুক্তি পৰীক্ষাৰ অনিয়মৰ গোচৰত চেন্নাই তিৰুচিৰাপল্লী, কয়েম্বেটৰ আৰু মাদুৰাইত অভিযান চলায়। এই সংক্ৰান্তত ২০১৭ চনত ৰাষ্ট্ৰীয় অপৰাধ শাখাই এটা গোচৰ ৰুজু কৰিছে। এই গোচৰৰ ভিত্তিতেই বিধি বলৱৎকাৰী সঞ্চালকালয়ে এই অভিযান চলাইছে। এই গোচৰ সংক্ৰান্তত আৰক্ষীয়ে ২০২১ চনত চার্জশ্বিট দাখিল কৰিছিল।

June 14, 2026 5:47 PM

views 22

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থা আৰু আন ছগৰাকী লোকৰ বিৰুদ্ধে ভাৰতত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ গোচৰ ৰুজু

বিধি বলবৎকাৰী সঞ্চালকালয়, ই ডি-ৰ এটা অভিযোগৰ ভিত্তিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থা আৰু আন ছগৰাকী লোকৰ বিৰুদ্ধে ভাৰতত গোচৰ ৰুজু কৰা হৈছে। ই ডিয়ে তেওঁলোকৰ বিৰুদ্ধে বিদেশী ডেবিট কার্ডৰ জৰিয়তে বিদেশী পুঁজিৰ অবৈধ ব্যৱহাৰৰ অভিযোগ দাখিল কৰিছিল। এই পুঁজি দেশৰ বাওঁপন্থী সন্ত্রাসবাদী প্রভাবিত অঞ্চলসমূহতো ব্যৱহাৰ হোৱাৰ অভিযোগ উঠিছিল। ই ডি-ৰ এই অভিযোগক ভিত্তি কৰি বেংগালুৰুৰ কোঠানুৰ আৰক্ষীয়ে ১১ জুনত ভাৰতীয় ন্যায় সংহিতা আৰু অবৈধ কার্যকলাপ প্ৰতিৰোধ আইনৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰে। ই ডি-ৰ মতে আয়কৰ ...

June 4, 2026 4:05 PM

views 23

মিজোৰাম-ম্যানমাৰ সীমান্তৰ লগতে সীমান্তৱৰ্তী চহৰ চাম্ফাইৰ ৯টা স্থানত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ ব্যাপক অভিযান

বিধি বলৱৎকাৰী সঞ্চালকালয়ে আজি মিজোৰাম-ম্যানমাৰ সীমান্তৰ লগতে সীমান্তৱৰ্তী চহৰ চাম্ফাইৰ ৯টা স্থানত ব্যাপক অভিযান চলায়। সঞ্চালকালয়ে প্ৰকাশ কৰা মতে সীমান্তৰ ইপাৰৰ পৰা বৃহৎ পৰিমাণত অবৈধ বার্মিজ ছুপাৰী ভাৰতলৈ সৰবৰাহ কৰা চক্ৰৰ বিৰুদ্ধে এই অভিযান চলোৱা হয়। এই সৰবৰাহকাৰী চক্ৰটোক সহায় কৰা স্থানীয় লোকৰ বাসগৃহ আৰু ব্যৱসায়িক চৌহদত আজি অভিযান চলোৱা হয় বুলি সঞ্চালকালয়ে প্রকাশ কৰিছে। প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পোৱা মতে এই লোকসকলে তিউ নদীৰে ম্যানমাৰৰ পৰা অবৈধভাৱে ছুপাৰী সৰবৰাহ কৰি স্থানীয় গুদামত মজুত কৰ...

November 18, 2025 8:02 PM

views 74

দিল্লী বিস্ফোৰণৰ সৈতে নাম সাঙোৰ খোৱা ২৫ৰো অধিক স্থানত আজি ই ডিৰ অভিযান

বিধিবলবৎকাৰী সঞ্চালকালয়, ই ডিয়ে শেহতীয়া দিল্লী বিস্ফোৰণৰ সৈতে নাম সাঙোৰ খোৱা আল ফালাহ গোষ্ঠীৰ দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত থকা ২৫ৰো অধিক স্থানত আজি অভিযান চলায়। বিত্তীয় অনিয়ম, বেনামী কোম্পানী ব্যৱহাৰ আৰু ধন সৰবৰাহ সন্দৰ্ভত চলি থকা গোচৰৰ অংশ হিচাপে ই ডিয়ে এই অভিযান চলায়। ই ডিয়ে প্রকাশ কৰা অনুসৰী আল ফালাহ গোষ্ঠীৰ সৈতে জড়িত ৯টা অবৈধ কোম্পানীৰ বিৰুদ্ধে তদন্ত কৰি থকা হৈছে। এই আটাই কেইটা কোম্পানী একেটা ঠিকনাতে পঞ্জীয়ন হোৱা বুলি তদন্ত সংস্থাটোরে প্রকাশ কৰে। ইয়াৰ লগতে আল ফালাহ বিশ্ববিদ্যালয়ৰ বিশ্...

October 10, 2025 3:23 PM

views 66

পশ্চিম বংগৰ পৌৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত মন্ত্ৰী সুজিত বোসৰ মালিকানাধীন ১১টা স্থানত ইডিৰ তালাচী

■ বিধি বলবৎকাৰী সঞ্চালকালয় ই ডিয়ে পশ্চিম বংগৰ পৌৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত ৰাজ্যখনৰ এগৰাকী মন্ত্ৰী সুজিত বোসৰ মালিকানাধীন গৃহকে ধৰি মুঠ ১১টা স্থানত তালাচী অভিযান চলাইছে। কেন্দ্রীয় অনুসন্ধানকাৰী ব্যুৰো চি বি আইৰ এখন এজাহাৰৰ ভিত্তিত ই ডিয়ে এই অভিযান চলায়। উল্লেখযোগ্য যে কেৱল বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰতেই নহয়, বৰঞ্চ পশ্চিম বংগৰ পৌৰ নিগমসমূহৰ কেইবাটাও পদত নিযুক্তিক কেন্দ্ৰ কৰি এই কেলেংকাৰি সংঘটিত হৈছিল বুলি উল্লেখ কৰি সঞ্চালকালয়ে দাখিল কৰা এজাহাৰত প্ৰকাশ পোৱাৰ পৰিপ্ৰেক্ষিতত কলকাত...

July 24, 2025 9:08 PM

views 69

অনিল আম্বানী গ্ৰুপৰ কোম্পানী ৰাগাৰ বিৰুদ্ধে ঋণ জালিয়াতি আৰু ধনৰ লেন-দেনৰ লগত জড়িত তদন্ত সংক্ৰান্তত  বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ ৩৫ টা স্থানত অভিযান

বিধি বলৱৎকাৰী সঞ্চালকালয়ে আজি ৰিলায়েন্স অনিল আম্বানী গ্ৰুপৰ কোম্পানী ৰাগাৰ বিৰুদ্ধে ঋণ জালিয়াতি আৰু ধনৰ লেন-দেনৰ লগত জড়িত তদন্ত সংক্ৰান্তত ৩৫ টা স্থানত অভিযান চলায়। মুঠ ৫০ টা কোম্পানী আৰু ২৫ জন লোকক এই তদন্তৰ আওতালৈ আনা হৈছে। সঞ্চালকালয়ে কয়, যে প্রাথমিক তদন্তত ২০১৭ ৰ পৰা ২০১৯ চনৰ ভিতৰত ব্যক্তিগত বেংকৰ পৰা প্ৰায় তিনি হাজাৰ কোটি টকাৰ ঋণ জালিয়াতিৰ তথ্য প্ৰকাশ পাইছে। সঞ্চালকালয়ে লগতে কয়, যে বেংক, শ্বেয়াৰ হল্ডাৰ, বিনিয়োগকাৰী আৰু অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠানক প্ৰতাৰণাৰে ৰাজহুৱা ধনৰ অপব্যৱহ...

June 6, 2025 9:15 PM

views 63

মুম্বাই আৰু কোচিৰ ১৫ টাকৈ স্থানত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযান

বিধি বলবৎকাৰী সঞ্চালকালয়, ই ডিয়ে আজি অভিনেতা দীনু মোৰিয়া, তেওঁৰ ভাতৃৰ কেইবাজনো ঠিকাদাৰৰ বাসগৃহৰ লগতে মুম্বাই আৰু কোচিৰ ১৫ টাকৈ স্থানত অভিযান চলাইছে। উল্লেখযোগ্য যে, মিথি নদীৰ নিষ্কাষণ কেলেংকাৰীৰ সৈতে জড়িত ৬৫ কোটি টকীয়া বিত্তীয় অনিয়মৰ গোচৰত মুম্বাই আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই দাখিল কৰা এফ আই আৰৰ ভিত্তিত বিত্তীয় অনিয়ম প্ৰতিৰোধ আইনৰ অধীনত এই অভিযান চলোৱা হৈছে। এফ আই আৰত উল্লেখ থকা অনুসৰি, মিথি নদীৰ নিষ্কাষণত হোৱা অনিয়মৰ বাবে মুম্বাই পৌৰ নিগমে বৃহৎ‍ আর্থিক লোকচানৰ সন্মুখীন হ'ব লগা হৈছিল।...

May 6, 2025 7:48 AM

views 63

কনকাষ্ট ষ্টিল এণ্ড পাৱাৰ লিমিটেড আৰু মুখ্য পৰিচালন সঞ্চালক সঞ্জয় কুমাৰ সুৰেখাৰ সম্পত্তি বাজেয়াপ্ত ইডি’ৰ

■ বিধি বলৱৎকাৰী সঞ্চালকালয়ে বেংক জালিয়াতিৰ গোচৰত জড়িত থকাৰ অভিযোগত কনকাষ্ট ষ্টিল এণ্ড পাৱাৰ লিমিটেড আৰু ইয়াৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জয় কুমাৰ সুৰেখাৰ ২৯৬ কোটি টকাৰো অধিক পৰিমাণৰ সম্পত্তি বাজেয়াপ্ত কৰিছে। এই সম্পত্তিসমূহৰ ভিতৰত- পশ্চিমবংগ, ওড়িশা আৰু ঝাৰখণ্ডত থকা ভূমি সম্পত্তিসমূহ অন্যতম। বিধি বলৱৎকাৰী সঞ্চালকালয়ে এই গোচৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে। সঞ্চালকালয়ে লগতে ৰিয়েল ষ্টেট কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগত ডব্লিউ টি চি ফৰিদাবাদ ইনফ্রাস্ট্রাকচাৰ প্রাইভেট লিমিটেড ...

April 15, 2025 2:32 PM

views 66

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ স্বামী ৰবাৰ্ট ৱাদ্ৰাক বিধি বলৱতকাৰী সঞ্চালকালয়ৰ সোধাপোছা

বিধি বলৱতকাৰী সঞ্চালকালয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ স্বামী ৰবাৰ্ট ৱাদ্ৰাক হাৰিয়ানাৰ ভূমি চুক্তিৰ সৈতে জড়িত ধন সৰবৰাহৰ তদন্ত সংক্ৰান্তত সোধাপোছা কৰিছে। গুৰুগ্ৰামৰ শ্ৰী ৱাদ্ৰাৰ মালিকানাধীন এটা কোম্পানীয়ে ভূমি ক্ৰয়ৰ সৈতে এই গোচৰটো জড়িত। ইয়াৰ পূৰ্বে আজি পুৱা ৱাদ্ৰাই ৰাষ্ট্ৰীয় ৰাজধানীস্থিত সঞ্চালকালয়ৰ কাৰ্যালয়ত উপস্থিত হয়।