June 14, 2026 5:47 PM | ED

printer

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থা আৰু আন ছগৰাকী লোকৰ বিৰুদ্ধে ভাৰতত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ গোচৰ ৰুজু

বিধি বলবৎকাৰী সঞ্চালকালয়, ই ডি-ৰ এটা অভিযোগৰ ভিত্তিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থা আৰু আন ছগৰাকী লোকৰ বিৰুদ্ধে ভাৰতত গোচৰ ৰুজু কৰা হৈছে। ই ডিয়ে তেওঁলোকৰ বিৰুদ্ধে বিদেশী ডেবিট কার্ডৰ জৰিয়তে বিদেশী পুঁজিৰ অবৈধ ব্যৱহাৰৰ অভিযোগ দাখিল কৰিছিল।

এই পুঁজি দেশৰ বাওঁপন্থী সন্ত্রাসবাদী প্রভাবিত অঞ্চলসমূহতো ব্যৱহাৰ হোৱাৰ অভিযোগ উঠিছিল। ই ডি-ৰ এই অভিযোগক ভিত্তি কৰি বেংগালুৰুৰ কোঠানুৰ আৰক্ষীয়ে ১১ জুনত ভাৰতীয় ন্যায় সংহিতা আৰু অবৈধ কার্যকলাপ প্ৰতিৰোধ আইনৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰে।

ই ডি-ৰ মতে আয়কৰ আইন আৰু বিদেশী বিনিময় ব্যৱস্থাপনা আইনৰ অধীনত ১৮, ১৯ এপ্ৰিলত তালাচী চলোৱা হৈছিল। এই তালাচীত পোহৰলৈ অহা তথ্য অনুসৰি আমেৰিকাৰ এটা সংস্থাৰ সৈতে সম্পর্ক থকা অভিযুক্তকেইজনে আমেৰিকাৰ এটা বেংকৰ ডেবিট কার্ড ব্যৱহাৰ কৰি ভাৰতত পুঁজিৰ ব্যৱহাৰ কৰিছিল।

ই ডি-ৰ দাবী অনুসৰি যোৱা বছৰৰ নৱেম্বৰৰ পৰা চলিত বছৰৰ এপ্রিল পর্যন্ত বিদেশী বিনিময় ব্যৱস্থাপনা আইন আৰু বিদেশী অনুদান নিয়ন্ত্রণ আইনৰ ধাৰা উলংঘা কৰি প্ৰায় ৯২ কোটি ৫৫ লাখ টকা অবৈধভাৱে ব্যৱহাৰ কৰা হৈছিল।