বিধি বলবৎকাৰী সঞ্চালকালয়, ই ডিয়ে আজি অভিনেতা দীনু মোৰিয়া, তেওঁৰ ভাতৃৰ কেইবাজনো ঠিকাদাৰৰ বাসগৃহৰ লগতে মুম্বাই আৰু কোচিৰ ১৫ টাকৈ স্থানত অভিযান চলাইছে। উল্লেখযোগ্য যে, মিথি নদীৰ নিষ্কাষণ কেলেংকাৰীৰ সৈতে জড়িত ৬৫ কোটি টকীয়া বিত্তীয় অনিয়মৰ গোচৰত মুম্বাই আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই দাখিল কৰা এফ আই আৰৰ ভিত্তিত বিত্তীয় অনিয়ম প্ৰতিৰোধ আইনৰ অধীনত এই অভিযান চলোৱা হৈছে। এফ আই আৰত উল্লেখ থকা অনুসৰি, মিথি নদীৰ নিষ্কাষণত হোৱা অনিয়মৰ বাবে মুম্বাই পৌৰ নিগমে বৃহৎ আর্থিক লোকচানৰ সন্মুখীন হ’ব লগা হৈছিল। মুম্বাই আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই অভিনেতা দীনু মোৰিয়াৰ লগতে নিগমৰ বিষয়া, ঠিকাদাৰকে ধৰি মুঠ ১৩ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে।
Assamese | June 6, 2025 9:15 PM | Akashvani Guwahati | Akashvani News | ED
মুম্বাই আৰু কোচিৰ ১৫ টাকৈ স্থানত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযান