■ বিধি বলবৎকাৰী সঞ্চালকালয় ই ডিয়ে পশ্চিম বংগৰ পৌৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত ৰাজ্যখনৰ এগৰাকী মন্ত্ৰী সুজিত বোসৰ মালিকানাধীন গৃহকে ধৰি মুঠ ১১টা স্থানত তালাচী অভিযান চলাইছে। কেন্দ্রীয় অনুসন্ধানকাৰী ব্যুৰো চি বি আইৰ এখন এজাহাৰৰ ভিত্তিত ই ডিয়ে এই অভিযান চলায়। উল্লেখযোগ্য যে কেৱল বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰতেই নহয়, বৰঞ্চ পশ্চিম বংগৰ পৌৰ নিগমসমূহৰ কেইবাটাও পদত নিযুক্তিক কেন্দ্ৰ কৰি এই কেলেংকাৰি সংঘটিত হৈছিল বুলি উল্লেখ কৰি সঞ্চালকালয়ে দাখিল কৰা এজাহাৰত প্ৰকাশ পোৱাৰ পৰিপ্ৰেক্ষিতত কলকাতা উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছিল।
Assamese | October 10, 2025 3:23 PM | Akashvani | Akashvani News | ED | West Bengal
পশ্চিম বংগৰ পৌৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত মন্ত্ৰী সুজিত বোসৰ মালিকানাধীন ১১টা স্থানত ইডিৰ তালাচী