মিজোৰাম-ম্যানমাৰ সীমান্তৰ লগতে সীমান্তৱৰ্তী চহৰ চাম্ফাইৰ ৯টা স্থানত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ ব্যাপক অভিযান

বিধি বলৱৎকাৰী সঞ্চালকালয়ে আজি মিজোৰাম-ম্যানমাৰ সীমান্তৰ লগতে সীমান্তৱৰ্তী চহৰ চাম্ফাইৰ ৯টা স্থানত ব্যাপক অভিযান চলায়। সঞ্চালকালয়ে প্ৰকাশ কৰা মতে সীমান্তৰ ইপাৰৰ পৰা বৃহৎ পৰিমাণত অবৈধ বার্মিজ ছুপাৰী ভাৰতলৈ সৰবৰাহ কৰা চক্ৰৰ বিৰুদ্ধে এই অভিযান চলোৱা হয়।

এই সৰবৰাহকাৰী চক্ৰটোক সহায় কৰা স্থানীয় লোকৰ বাসগৃহ আৰু ব্যৱসায়িক চৌহদত আজি অভিযান চলোৱা হয় বুলি সঞ্চালকালয়ে প্রকাশ কৰিছে। প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পোৱা মতে এই লোকসকলে তিউ নদীৰে ম্যানমাৰৰ পৰা অবৈধভাৱে ছুপাৰী সৰবৰাহ কৰি স্থানীয় গুদামত মজুত কৰি ৰাখে আৰু পাছত ভুৱা ই-ৱে বিল আৰু জালি তথ্যৰ জৰিয়তে বৈধভাৱে ক্ৰয় কৰা স্থানীয় সামগ্ৰী বুলি ব্যৱহাৰ কৰে।

বিধি বলৱৎকাৰী সঞ্চালকালয়ে লগতে কয়, যে এই অবৈধ চক্ৰৰ জৰিয়তে কোটি কোটি টকাৰ জালিয়াতি কৰা হয়। ইয়াৰ লগত জড়িত লোকসকলে তেওঁলোকৰ স্থানীয় জনজাতীয় পৰিচয়ৰ সুযোগ লৈ সীমা শুল্ক কৰ্তৃপক্ষৰ আগত সৰবৰাহ কৰা সামগ্ৰীসমূহ তেওঁলোকৰ বুলি দাবী কৰাৰ উপৰি জব্দকৃত সামগ্ৰীসমূহ মোকলাই নিয়াৰ বাবে পুৰণি তথ্যপাতি প্ৰদান কৰে বুলি সঞ্চালকালয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।