June 23, 2026 2:31 PM

views 27

শিক্ষক নিযুক্তি পৰীক্ষাৰ অনিয়মৰ গোচৰত চেন্নাই তিৰুচিৰাপল্লী, কয়েম্বেটৰ আৰু মাদুৰাইত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ অভিযান চলায়

বিধি বলৱৎকাৰী সঞ্চালকালয়ে শিক্ষক নিযুক্তি পৰীক্ষাৰ অনিয়মৰ গোচৰত চেন্নাই তিৰুচিৰাপল্লী, কয়েম্বেটৰ আৰু মাদুৰাইত অভিযান চলায়। এই সংক্ৰান্তত ২০১৭ চনত ৰাষ্ট্ৰীয় অপৰাধ শাখাই এটা গোচৰ ৰুজু কৰিছে। এই গোচৰৰ ভিত্তিতেই বিধি বলৱৎকাৰী সঞ্চালকালয়ে এই অভিযান চলাইছে। এই গোচৰ সংক্ৰান্তত আৰক্ষীয়ে ২০২১ চনত চার্জশ্বিট দাখিল কৰিছিল।

June 4, 2026 4:05 PM

views 25

মিজোৰাম-ম্যানমাৰ সীমান্তৰ লগতে সীমান্তৱৰ্তী চহৰ চাম্ফাইৰ ৯টা স্থানত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ ব্যাপক অভিযান

বিধি বলৱৎকাৰী সঞ্চালকালয়ে আজি মিজোৰাম-ম্যানমাৰ সীমান্তৰ লগতে সীমান্তৱৰ্তী চহৰ চাম্ফাইৰ ৯টা স্থানত ব্যাপক অভিযান চলায়। সঞ্চালকালয়ে প্ৰকাশ কৰা মতে সীমান্তৰ ইপাৰৰ পৰা বৃহৎ পৰিমাণত অবৈধ বার্মিজ ছুপাৰী ভাৰতলৈ সৰবৰাহ কৰা চক্ৰৰ বিৰুদ্ধে এই অভিযান চলোৱা হয়। এই সৰবৰাহকাৰী চক্ৰটোক সহায় কৰা স্থানীয় লোকৰ বাসগৃহ আৰু ব্যৱসায়িক চৌহদত আজি অভিযান চলোৱা হয় বুলি সঞ্চালকালয়ে প্রকাশ কৰিছে। প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পোৱা মতে এই লোকসকলে তিউ নদীৰে ম্যানমাৰৰ পৰা অবৈধভাৱে ছুপাৰী সৰবৰাহ কৰি স্থানীয় গুদামত মজুত কৰ...

July 24, 2025 9:08 PM

views 71

অনিল আম্বানী গ্ৰুপৰ কোম্পানী ৰাগাৰ বিৰুদ্ধে ঋণ জালিয়াতি আৰু ধনৰ লেন-দেনৰ লগত জড়িত তদন্ত সংক্ৰান্তত  বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ ৩৫ টা স্থানত অভিযান

বিধি বলৱৎকাৰী সঞ্চালকালয়ে আজি ৰিলায়েন্স অনিল আম্বানী গ্ৰুপৰ কোম্পানী ৰাগাৰ বিৰুদ্ধে ঋণ জালিয়াতি আৰু ধনৰ লেন-দেনৰ লগত জড়িত তদন্ত সংক্ৰান্তত ৩৫ টা স্থানত অভিযান চলায়। মুঠ ৫০ টা কোম্পানী আৰু ২৫ জন লোকক এই তদন্তৰ আওতালৈ আনা হৈছে। সঞ্চালকালয়ে কয়, যে প্রাথমিক তদন্তত ২০১৭ ৰ পৰা ২০১৯ চনৰ ভিতৰত ব্যক্তিগত বেংকৰ পৰা প্ৰায় তিনি হাজাৰ কোটি টকাৰ ঋণ জালিয়াতিৰ তথ্য প্ৰকাশ পাইছে। সঞ্চালকালয়ে লগতে কয়, যে বেংক, শ্বেয়াৰ হল্ডাৰ, বিনিয়োগকাৰী আৰু অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠানক প্ৰতাৰণাৰে ৰাজহুৱা ধনৰ অপব্যৱহ...

April 16, 2025 2:24 PM

views 66

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীৰ বিৰুদ্ধে বিধি বলবৎ কাৰী সঞ্চালকালয়ৰ অভিযোগনামা দাখিলৰ বিৰুদ্ধে কংগ্ৰেছৰ দেশজুৰি বিক্ষোভ প্রদর্শন

নেচনেল হেৰল্ড গোচৰত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীৰ বিৰুদ্ধে বিধি বলবৎ কাৰী সঞ্চালকালয়ে অভিযোগনামা দাখিল কৰাৰ বিৰুদ্ধে কংগ্ৰেছে আজি দেশজুৰি বিক্ষোভ প্রদর্শন কৰিছে। দলটোৰ নেতাসকলে এই কার্যক উদ্দেশ্যপ্রণোদিত আৰু ৰাজনৈতিক আক্রোশ পূৰণৰ প্ৰয়াস বুলি অভিযোগ কৰিছে। গুৱাহাটীতো আজি কংগ্ৰেছ দলৰ নেতা আৰু কৰ্মীসকলে নেচনেল হেৰল্ড গোচৰত দলটোৰ শীৰ্ষ দুগৰাকী নেতাৰ বিৰুদ্ধে ই-ডিৰ অভিযোগনামা দাখিলৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰাৰ চেষ্টা চলায়। আনহাতে, বিজেপিৰ জ্যেষ্ঠ নেতা ৰবিশংকৰ প্ৰসাদে নে...

July 20, 2024 6:02 PM

views 53

হাৰিয়ানাৰ ছোনিপটৰ পৰা কংগ্ৰেছ বিধায়ক সুৰেন্দ্ৰৰ পানৱাৰক গ্ৰেপ্তাৰ ই ডিৰ

হাৰিয়ানাত বিধি বলৱৎকাৰী সঞ্চালকালয়, ই ডিয়ে ছোনিপটৰ পৰা কংগ্ৰেছ বিধায়ক সুৰেন্দ্ৰৰ পানৱাৰক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যখনৰ যমুনা নগৰ অঞ্চলৰ অবৈধ খনন গোচৰত জড়িত থকাৰ অভিযোগতে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰৰ পাছতে ইডিয়ে পানৱাৰক আম্বালাৰ ইডি কার্যালয়লৈ আনে আৰু আদালতত হাজিৰ কৰায়। ইয়াৰ পূৰ্বে এই বছৰৰ ৪ জানুৱাৰীত ই ডিৰ এটা দলে ছোনিপটত সুৰেন্দ্ৰৰ পানৱাৰ আৰু তেওঁৰ একাংশ ঘনিষ্ঠৰ বাসগৃহত তালাচী চলাইছিল। এই অভিযানত বিধায়কগৰাকীৰ বাসগৃহ আৰু কাৰ্যালয়ৰ পৰা ইডিয়ে কেতবোৰ গুৰুত্বপূৰ্ণ নঠি-পত্ৰ জব...