শিক্ষক নিযুক্তি পৰীক্ষাৰ অনিয়মৰ গোচৰত চেন্নাই তিৰুচিৰাপল্লী, কয়েম্বেটৰ আৰু মাদুৰাইত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ অভিযান চলায়

বিধি বলৱৎকাৰী সঞ্চালকালয়ে শিক্ষক নিযুক্তি পৰীক্ষাৰ অনিয়মৰ গোচৰত চেন্নাই তিৰুচিৰাপল্লী, কয়েম্বেটৰ আৰু মাদুৰাইত অভিযান চলায়।

এই সংক্ৰান্তত ২০১৭ চনত ৰাষ্ট্ৰীয় অপৰাধ শাখাই এটা গোচৰ ৰুজু কৰিছে। এই গোচৰৰ ভিত্তিতেই বিধি বলৱৎকাৰী সঞ্চালকালয়ে এই অভিযান চলাইছে। এই গোচৰ সংক্ৰান্তত আৰক্ষীয়ে ২০২১ চনত চার্জশ্বিট দাখিল কৰিছিল।