হাৰিয়ানাত বিধি বলৱৎকাৰী সঞ্চালকালয়, ই ডিয়ে ছোনিপটৰ পৰা কংগ্ৰেছ বিধায়ক সুৰেন্দ্ৰৰ পানৱাৰক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যখনৰ যমুনা নগৰ অঞ্চলৰ অবৈধ খনন গোচৰত জড়িত থকাৰ অভিযোগতে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰৰ পাছতে ইডিয়ে পানৱাৰক আম্বালাৰ ইডি কার্যালয়লৈ আনে আৰু আদালতত হাজিৰ কৰায়। ইয়াৰ পূৰ্বে এই বছৰৰ ৪ জানুৱাৰীত ই ডিৰ এটা দলে ছোনিপটত সুৰেন্দ্ৰৰ পানৱাৰ আৰু তেওঁৰ একাংশ ঘনিষ্ঠৰ বাসগৃহত তালাচী চলাইছিল। এই অভিযানত বিধায়কগৰাকীৰ বাসগৃহ আৰু কাৰ্যালয়ৰ পৰা ইডিয়ে কেতবোৰ গুৰুত্বপূৰ্ণ নঠি-পত্ৰ জব্দ কৰিছিল। ইডিৰ দলে ৰাজ্যখনৰ যমুনানগৰ, ছোনিপট আৰু কৰ্ণাল অঞ্চলতো অবৈধ খনন সন্দৰ্ভত অভিযান চলাইছিল। ইডিৰ মতে এই গোচৰত ৪০০ৰ পৰা ৫০০ কোটি টকাৰ অবৈধ সৰবৰাহ হৈছিল।
Assamese | July 20, 2024 6:02 PM | ED | Enforcement Directorate
হাৰিয়ানাৰ ছোনিপটৰ পৰা কংগ্ৰেছ বিধায়ক সুৰেন্দ্ৰৰ পানৱাৰক গ্ৰেপ্তাৰ ই ডিৰ