বৰাক উপত্যকাত বার্মিজ তামোলৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে বিধি বলবৎকাৰী সঞ্চালকালয়ে অভিযান অব্যাহত ৰাখিছে।
ইয়াৰ অংশহিচাপে আজি কাচাৰ জিলাৰ ৫টা স্থান আৰু হাইলাকান্দি জিলাৰ এটা স্থানত অভিযান চলাই দলটোৱে অবৈধ সৰবৰাহৰ লগত জড়িত বিভিন্ন নথি পত্ৰ জব্দ কৰিছে।
বিধি বলবৎকাৰী সঞ্চালকালয়ে ইয়াৰ লগত জড়িত থকাৰ অভিযোগত ৩ জন লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহত অভিযান চলায়।