May 3, 2025 12:18 PM

views 63

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

● অসমত আবৃত্তিৰ ধাৰা শীৰ্ষক শৃংখলাৰ দ্বিতীয়টো দৃষ্টিপাত আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট গীতিকাৰ, শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰী, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° বিনীতা বৰা দেৱচৌধুৰী আৰু বিশিষ্টা আবৃত্তিকাৰ জুলিয়ানা বেগমে। এই অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

April 27, 2025 12:04 PM

views 45

দৃষ্টিপাতঃ ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে উৎপাদিত সামগ্ৰীৰ গুণগতমানত গুৰুত্ব আৰোপ কৰিব লাগিব

ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে উৎপাদিত সামগ্ৰীৰ গুণগতমান বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰিব লাগিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে দৃষ্টিপাত অনুষ্ঠান অংশগ্ৰহণ কৰি কালি ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট উদ্যমীয়ে এইদৰে মন্তব্য কৰে। অনুষ্ঠানত জে-ফ্ৰটিন ৰেষ্টুৰেণ্ট ব্ৰেণ্ডৰ স্বত্তাধিকাৰী দেৱ কুমাৰ বৰ্মনে কয়, যে কোনো মেনেজাৰ নিয়োগ কৰি বা আন কৰ্মচাৰীৰ জৰিয়তে এটা ব্ৰেণ্ড প্রতিষ্ঠা কৰিব পৰা নাযায়, সেই কাম উদ্যমীয়ে নিজেই কৰিব লাগিব। নিজৰ সফলতাৰ বিষয়ে উল্লেখ কৰি থলুৱাভাৱে উৎপাদিত কণীৰ ব্ৰেণ্ড বাহুবলীৰ স্বত্ত...

April 15, 2025 6:53 PM

views 62

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি আৰু অনুষ্ঠান সম্পৰ্কত শ্রোতা ৰাইজৰ মতামত আৰু অভিমত লোৱাৰ বাবে ফোন লাইন পুনৰ মুকলি

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে বাতৰি আৰু অনুষ্ঠান সম্পৰ্কত শ্রোতা ৰাইজৰ মতামত আৰু অভিমত লোৱাৰ বাবে ফোন লাইন পুনৰ মুকলি কৰিছে। আঞ্চলিক বাতৰি, ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক বাতৰি, জিলাৰ ৰেহৰূপ, দৃষ্টিপাত, সংবাদ চলন্তিকা, ক্রীড়া বাৰ্তা আৰু প্ৰাসংগিক অনুষ্ঠান সম্পৰ্কীয় অভিমত আৰু পৰামৰ্শ শ্ৰোতাসকলে ৯৮৬৪০ ৫৫৫৬৬ নম্বৰত ৱাটছএপ যোগে পঠিয়াব পাৰিব। এই অনুষ্ঠানৰ নিৰ্বাচিত অংশ অহা ১৯ এপ্রিল শনিবাৰে নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব।

April 11, 2025 8:31 PM

views 58

কাইলৈ অৰ্থাৎ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান

আবৃত্তি এটা পৰিৱেশ্য কলা হ'ব পাৰেনে? সংগীত নাটক একাডেমীয়ে অসমীয়া ভাষাৰ আবৃত্তিক পৰিৱেশ্য কলাৰ স্বীকৃতি দিয়াৰ ক্ষেত্ৰত উদ্ভৱ হোৱা বিভিন্ন বিষয়ক আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আবৃত্তিৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তিয়ে মতামত আগবঢ়াব। আকাশবাণীৰ বাতৰি বিভাগে ১৩ এপ্রিল দেওবাৰে সন্ধিয়া ৭.৪৫ মিনিটত অসমৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত ৰঙালী বিহু পালনৰ বিষয়ে এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই দুয়োটা অনুষ্ঠানৰ প...

March 14, 2025 11:23 AM

views 65

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ দৃষ্টিপাতত ফাকুৱা বা দৌল উৎসৱৰ ৰং শীর্ষক বিশেষ অনুষ্ঠান

■ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাতত ফাকুৱা বা দৌল উৎসৱৰ ৰং শীর্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনত থকা আকাশবাণীৰ কেইবাগৰাকীও সংবাদদাতা আৰু কেইবাগৰাকীও শ্রোতাই সময়ৰ সোঁতত এই উৎসৱৰ পৰিৱৰ্তন আৰু আকৰ্ষণ সম্পৰ্কত মতামত ব্যক্ত কৰিব। এই অনুষ্ঠানৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ। আনহাতে, বাতৰি বিভাগে অহা দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে পৰিৱে...

March 6, 2025 11:27 AM

views 62

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ আন্তৰ্জাতিক নাৰী দিৱস বিশেষ ‘দৃষ্টিপাত

■ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে কৰ্মক্ষেত্ৰত সফলতাৰে আগবাঢ়ি যোৱা তিনিগৰাকী নাৰীয়ে তেওঁলোকৰ অভিমত ব্যক্ত কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ইয়াৰ উপৰি বাতৰি বিভাগে দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটত আন্তর্জাতিক নাৰী দিৱস সম্পৰ্কত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব।

February 20, 2025 9:10 PM

views 52

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰই অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰিবলগীয়া দৃষ্টিপাতত টেলিভিছনৰ ধাৰাবাহিকৰ একাংশ অভিনেতা-অভিনেত্ৰী, পৰিচালক আৰু কলা-কুশলীৰ সৈতে মত বিনিময়ৰ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ।

February 14, 2025 6:28 PM

views 64

কাইলৈ নিশা ৮ বাজি ২ মিনিটত ‘ম‍ই ৰেডিঅ’ কিয় শুনো শীর্ষক’ আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত ‘ম‍ই ৰেডিঅ’ কিয় শুনো শীর্ষক’ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমাজকর্মী, প্রাক্তন উগ্ৰপন্থী নেতা আৰু সৰ্বসাধাৰণ ৰাইজে ৰেডিঅ'ৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আৰু আকাশবাণীৰ পৰা তেওঁলোকৰ প্ৰত্যাশা সম্পর্কত মন্তব্য আগবঢ়াব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেওবাৰে সন্ধিয়া ৭.৪৫ মিনিটৰ সংবাদ চলন্তিকাতো অনাতাঁৰ মাধ্যম সম্পৰ্কত বিভি...

January 24, 2025 7:07 PM

views 55

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত অসম ৰাজ্যিক শিক্ষা পৰিষদৰ মণ্ডল এক আৰু দুইৰ পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শৰ্মা আৰু ৰঞ্জন কুমাৰ দাসৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। সমাগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত হ'বলগীয়া এই আলোচনাৰ আঁত ধৰিব আকাশবাণীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে।

January 12, 2025 12:15 PM

views 50

আকাশবাণীৰ বাতৰিয়ে সাম্প্ৰতিক সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি নিজৰ মান বৰ্তাই ৰাখি আগবাঢ়ি যাব লাগিব বুলি আই আই এম চিৰ আইজলৰ আঞ্চলিক সঞ্চালক ড° শাশ্বতী গোস্বামীৰ প্ৰকাশ

আকাশবাণীৰ বাতৰিয়ে সাম্প্ৰতিক সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি নিজৰ মান বৰ্তাই ৰাখি আগবাঢ়ি যাব লাগিব। কালি দৃষ্টিপাত অনুষ্ঠানত ভাৰতীয় গণসংযোগ প্রতিষ্ঠান চমুকৈ আই আই এম চিৰ আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ড° শাশ্বতী গোস্বামীয়ে এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে পৰিৱৰ্তিত সময়ৰ লগত খাপ খোৱাকৈ পৰিবেশনশৈলীৰ কিছু ৰূপান্তৰ সাধন কৰি আৰু ভাষাৰ শুদ্ধতা যথাসম্ভৱ অক্ষুন্ন ৰাখি বাতৰি পৰিবেশকসকলে আকাশবাণীৰ বাবে বাতৰি পৰিবেশন কৰিব লাগিব। কালিব অনুষ্ঠানত বিশিষ্ট বিজ্ঞানী ড০ দিনেশ চন্দ্ৰ গোস্বামীকে ধৰি কেইবাগৰাকী শ্রোতাই...