আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে বাতৰি আৰু অনুষ্ঠান সম্পৰ্কত শ্রোতা ৰাইজৰ মতামত আৰু অভিমত লোৱাৰ বাবে ফোন লাইন পুনৰ মুকলি কৰিছে। আঞ্চলিক বাতৰি, ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক বাতৰি, জিলাৰ ৰেহৰূপ, দৃষ্টিপাত, সংবাদ চলন্তিকা, ক্রীড়া বাৰ্তা আৰু প্ৰাসংগিক অনুষ্ঠান সম্পৰ্কীয় অভিমত আৰু পৰামৰ্শ শ্ৰোতাসকলে ৯৮৬৪০ ৫৫৫৬৬ নম্বৰত ৱাটছএপ যোগে পঠিয়াব পাৰিব। এই অনুষ্ঠানৰ নিৰ্বাচিত অংশ অহা ১৯ এপ্রিল শনিবাৰে নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত প্ৰচাৰ কৰা হ’ব।
Assamese | April 15, 2025 6:53 PM | Dristipat
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি আৰু অনুষ্ঠান সম্পৰ্কত শ্রোতা ৰাইজৰ মতামত আৰু অভিমত লোৱাৰ বাবে ফোন লাইন পুনৰ মুকলি