আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত ‘মই ৰেডিঅ’ কিয় শুনো শীর্ষক’ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমাজকর্মী, প্রাক্তন উগ্ৰপন্থী নেতা আৰু সৰ্বসাধাৰণ ৰাইজে ৰেডিঅ’ৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আৰু আকাশবাণীৰ পৰা তেওঁলোকৰ প্ৰত্যাশা সম্পর্কত মন্তব্য আগবঢ়াব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেওবাৰে সন্ধিয়া ৭.৪৫ মিনিটৰ সংবাদ চলন্তিকাতো অনাতাঁৰ মাধ্যম সম্পৰ্কত বিভিন্ন জনৰ মতামত আগবঢ়াব।
Assamese | February 14, 2025 6:28 PM | akashvani dristipat | Akashvani Guwahati | Dristipat
কাইলৈ নিশা ৮ বাজি ২ মিনিটত ‘মই ৰেডিঅ’ কিয় শুনো শীর্ষক’ আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান