আবৃত্তি এটা পৰিৱেশ্য কলা হ’ব পাৰেনে? সংগীত নাটক একাডেমীয়ে অসমীয়া ভাষাৰ আবৃত্তিক পৰিৱেশ্য কলাৰ স্বীকৃতি দিয়াৰ ক্ষেত্ৰত উদ্ভৱ হোৱা বিভিন্ন বিষয়ক আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আবৃত্তিৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তিয়ে মতামত আগবঢ়াব। আকাশবাণীৰ বাতৰি বিভাগে ১৩ এপ্রিল দেওবাৰে সন্ধিয়া ৭.৪৫ মিনিটত অসমৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত ৰঙালী বিহু পালনৰ বিষয়ে এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই দুয়োটা অনুষ্ঠানৰ প্ৰযোজনা আৰু পৰিচালনা ৰাজীৱ লোচন বৰঠাকুৰৰ।
Assamese | April 11, 2025 8:31 PM | akashvani dristipat | Akashvani News | Dristipat
কাইলৈ অৰ্থাৎ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান