■ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাতত ফাকুৱা বা দৌল উৎসৱৰ ৰং শীর্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনত থকা আকাশবাণীৰ কেইবাগৰাকীও সংবাদদাতা আৰু কেইবাগৰাকীও শ্রোতাই সময়ৰ সোঁতত এই উৎসৱৰ পৰিৱৰ্তন আৰু আকৰ্ষণ সম্পৰ্কত মতামত ব্যক্ত কৰিব। এই অনুষ্ঠানৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ।
আনহাতে, বাতৰি বিভাগে অহা দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে পৰিৱেশন কৰা গান্ধাৰীৰ অভিশাপ নামৰ ভাওনাৰ বিষয়ে বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব । এই ভাওনাখনৰ পৰিকল্পনা ঋতুপৰ্ণ দাসৰ আৰু পৰিচালনা ড° দীপেন দাসৰ। গুৱাহাটীৰ বিভিন্ন বৈদ্যুতিন চেনেলৰ সাংবাদিকে অভিনয় কৰা এই ভাওনাখনিত ধৃতৰাষ্ট্ৰৰ চৰিত্ৰত অভিনয় কৰিছে মৃগাংক শইকীয়া, কৰ্ণ চৰিত্ৰত শোণিত কুমাৰ ভূঞা, শকুনি চৰিত্ৰত অভিজিৎ গোস্বামী আৰু কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিছে বিমল ভূষণ মহন্তই। গান্ধাৰীৰ চৰিত্ৰত অভিনয় কৰিছে এঞ্জেলা চাংমাই ৷
Assamese | March 14, 2025 11:23 AM | akashvani dristipat | Akashvani Guwahati | Dristipat
শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ দৃষ্টিপাতত ফাকুৱা বা দৌল উৎসৱৰ ৰং শীর্ষক বিশেষ অনুষ্ঠান