ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে উৎপাদিত সামগ্ৰীৰ গুণগতমান বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰিব লাগিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে দৃষ্টিপাত অনুষ্ঠান অংশগ্ৰহণ কৰি কালি ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট উদ্যমীয়ে এইদৰে মন্তব্য কৰে। অনুষ্ঠানত জে-ফ্ৰটিন ৰেষ্টুৰেণ্ট ব্ৰেণ্ডৰ স্বত্তাধিকাৰী দেৱ কুমাৰ বৰ্মনে কয়, যে কোনো মেনেজাৰ নিয়োগ কৰি বা আন কৰ্মচাৰীৰ জৰিয়তে এটা ব্ৰেণ্ড প্রতিষ্ঠা কৰিব পৰা নাযায়, সেই কাম উদ্যমীয়ে নিজেই কৰিব লাগিব।
নিজৰ সফলতাৰ বিষয়ে উল্লেখ কৰি থলুৱাভাৱে উৎপাদিত কণীৰ ব্ৰেণ্ড বাহুবলীৰ স্বত্তাধিকাৰী আকাশ গগৈয়ে কয়, যে সামগ্ৰীৰ গুণগত মান উন্নত হ’লে থলুৱা ব্ৰেণ্ডৰ সামগ্ৰীয়ে বাহিৰা ব্ৰেণ্ডৰ সামগ্ৰীৰ সৈতে ফেৰ মাৰিব পাৰে ৷ শ্ৰীগগৈয়ে লগতে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে নিৰ্ধাৰণ কৰা মান বজাই ৰাখি দৈনিক গড়ে এক লাখ কণী উৎপাদন কৰাৰ লগতে কমেও এশ জন লোকক কর্মসংস্থাপন দিবলৈ সমৰ্থ হৈছে বুলি জানিবলৈ দিয়ে। সুস্বাদ মিঠাতেল ব্ৰেণ্ডৰ স্বত্তাধিকাৰী সমৰজ্যোতি বেজবৰুৱাই কয়, যে অসমৰ ৰাইজৰ ৰান্ধনীঘৰত অধিক ব্যৱহৃত সামগ্ৰী মিঠাতেলৰ ক্ষেত্ৰতেই ভেজালৰ পৰিমাণ সর্বাধিক। উদ্যমীগৰাকীয়ে কয়, যে তেওঁলোকৰ ব্ৰেণ্ডে ইয়াৰ বিকল্প হিচাপে বিশুদ্ধ মিঠাতেল উৎপাদনৰ ক্ষুদ্ৰ প্ৰয়াস আৰম্ভ কৰিছে। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আছিল আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্ব ৰাজীৱ লোচন বৰঠাকুৰৰ৷
Assamese | April 27, 2025 12:04 PM | Dristipat
দৃষ্টিপাতঃ ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে উৎপাদিত সামগ্ৰীৰ গুণগতমানত গুৰুত্ব আৰোপ কৰিব লাগিব