January 12, 2025 12:15 PM

views 53

আকাশবাণীৰ বাতৰিয়ে সাম্প্ৰতিক সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি নিজৰ মান বৰ্তাই ৰাখি আগবাঢ়ি যাব লাগিব বুলি আই আই এম চিৰ আইজলৰ আঞ্চলিক সঞ্চালক ড° শাশ্বতী গোস্বামীৰ প্ৰকাশ

আকাশবাণীৰ বাতৰিয়ে সাম্প্ৰতিক সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি নিজৰ মান বৰ্তাই ৰাখি আগবাঢ়ি যাব লাগিব। কালি দৃষ্টিপাত অনুষ্ঠানত ভাৰতীয় গণসংযোগ প্রতিষ্ঠান চমুকৈ আই আই এম চিৰ আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ড° শাশ্বতী গোস্বামীয়ে এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে পৰিৱৰ্তিত সময়ৰ লগত খাপ খোৱাকৈ পৰিবেশনশৈলীৰ কিছু ৰূপান্তৰ সাধন কৰি আৰু ভাষাৰ শুদ্ধতা যথাসম্ভৱ অক্ষুন্ন ৰাখি বাতৰি পৰিবেশকসকলে আকাশবাণীৰ বাবে বাতৰি পৰিবেশন কৰিব লাগিব। কালিব অনুষ্ঠানত বিশিষ্ট বিজ্ঞানী ড০ দিনেশ চন্দ্ৰ গোস্বামীকে ধৰি কেইবাগৰাকী শ্রোতাই...

January 9, 2025 1:43 PM

views 62

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পর্কত শ্ৰোতাসকলে WHATSAPP NO. ৯৮৬৪০-৫৫৫৬৬ যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানটোত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামী আৰু বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ভাৰতীয় গণসংযোগ প্রতিষ্ঠান চমুকৈ আই আই এম চিৰ আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ড° শাশ্বতী গোস্বামীও সেইদিনা ষ্টুডিঅ’ত উপস্থিত থাকি বাতৰি সম্পৰ্কত তে...

January 8, 2025 8:48 PM

views 76

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পর্কত শ্রোতাসকলে WHATSAPP NO. ১৮৬৪0-55566 যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানটোত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামী আৰু বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ভাৰতীয় গণসংযোগ প্রতিষ্ঠান চমুকৈ আই আই এম চিৰ আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ড° শাশ্বতী গোস্বামীও সেইদিনা ষ্টুডিঅ'ত উপস্থিত থাকি বাতৰি সম্পৰ্কত তে...

November 30, 2024 7:22 PM

views 54

আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত সংবিধান দিৱস বিষয়ক অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ইয়াৰ সাপ্তাহিক দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত সংবিধান দিৱস বিষয়ক এটা অনুষ্ঠানৰ প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ভাৰতীয় সংবিধানৰ গুৰুত্ব আৰু নাগৰিকৰ কৰ্তব্য আৰু অধিকাৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আৰু সমাজৰ বিভিন্ন শ্রেণীৰ লোকে মতামত ব্যক্ত কৰিব। অনুষ্ঠানটি প্রযোজনা কৰিব ৰাজীৱ লোচন বৰঠাকুৰে।

November 21, 2024 7:52 PM

views 62

শনিবাৰৰ দৃষ্টিপাত অনুষ্ঠানত অসম বিধানসভাৰ উপ-নিৰ্বাচন, দুখন ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সম্পৰ্কত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ২৩ নৱেম্বৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত বিধানসভাৰ উপ-নিৰ্বাচন আৰু দুখন ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সম্পৰ্কত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানত নিৰ্বাচনী ফলাফলৰ পৰ্যালোচনা আগবঢ়াব জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামী আৰু সুশান্ত তালুকদাৰে। এই অনুষ্ঠানটোৰ আঁত ধৰিব ৰাজীৱ লোচন বৰঠাকুৰে। অনুষ্ঠানত আকাশবাণীৰ সংবাদদাতাসকলে সমষ্টিভিত্তিত নিৰ্বাচনৰ ফলাফল সম্পর্কে ষ্টুডিঅ'ত থকা আলোচকসকলৰ সৈতে যুক্ত হ'ব। এই অনুষ্ঠান আমাৰ ইউটিউব চেনেল আৰু নিউজ অন ...

November 14, 2024 12:31 PM

views 68

১৬ নৱেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ‘দৃষ্টিপাত’ অনুষ্ঠানত অহা ১৬ নৱেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত সমল ব্যক্তিৰূপে উপস্থিত থাকিব বিশিষ্ঠ চলচ্চিত্র সমালোচক নয়ন প্রসাদ আৰু বিতুপন বৰবৰা। অনুষ্ঠানৰ আঁত ধৰিব ৰাজীৱ লোচন বৰঠাকুৰে। শ্রোতাসকলে অনুষ্ঠানটি চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত পোনপটীয়াকৈ অংশ ল'ব পাৰিব। এই অনুষ্ঠান আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পা...

November 3, 2024 12:07 PM

views 56

বৰ্তমান চৰকাৰৰ কাৰ্যকালত চৰকাৰী বিষয়া-কৰ্মচাৰীক উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰাৰ বাবে চলোৱা ২০৭টা অভিযান সফল

তদাৰকী আৰু দুৰ্নীতি নিবাৰণ সঞ্চালকালয়ে বৰ্তমান চৰকাৰৰ কাৰ্যকালত চৰকাৰী বিষয়া-কৰ্মচাৰীক উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰাৰ বাবে চলোৱা ২০৭টা অভিযান সফল হৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত তদাৰকী আৰু দুৰ্নীতি নিবাৰণ সঞ্চালকালয়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান সুৰেন্দ্ৰ কুমাৰে এই বিষয়ে প্ৰকাশ কৰি কয় যে, এই গোচৰসমূহত ২৫৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত ২৩৬ জনেই চৰকাৰী কৰ্মচাৰী আৰু ২০ জন মধ্যভোগী বুলিও তেওঁ উল্লেখ কৰে। আনহাতে এই লোকসকলৰ পৰা ৭ কো...

October 20, 2024 11:05 AM

views 94

চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে অসমত ৰাষ্ট্ৰীয় চাইবাৰ ফৰেন্সিক পৰীক্ষাগাৰ স্থাপন হ’বঃ মুন্না প্রসাদ গুপ্তা

চাইবাৰ অপৰাধ ৰোধ কৰাৰ বাবে ডিজিটেল সাক্ষৰতা অত্যন্ত জৰুৰী বুলি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই প্রকাশ কৰিছে। কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত চাইবাৰ সুৰক্ষা বিষয়ত আলোচনাত অংশ লৈ শ্ৰীগুপ্তাই এইকথা উল্লেখ কৰে। তেওঁ কয় যে অপৰাধীসকলে বিভিন্ন কৌশল অৱলম্বন কৰি জনসাধাৰণক প্ৰৱঞ্চনা কৰাৰ চেষ্টা চলায়। বিশেষকৈ সামাজিক মাধ্যমসমূহৰ জৰিয়তে তেঁওলোকে গ্ৰাহকৰ ওচৰ চপাৰ চেষ্টা কৰে। যিকোনো ধৰণৰ বিনামুলীয়া সেৱা বা সামগ্ৰী আগবঢ়োৱাৰ প্ৰস্তাৱ পালেই সহজেই বিশ্বাসত ...

September 27, 2024 7:16 PM

views 61

কাইলৈৰ দৃষ্টিপাত অনুষ্ঠানত স্বচ্ছতা হি সেৱা সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত স্বচ্ছতা হি সেৱা সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যিক পঞ্চায়তি ৰাজ আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ যুটীয়া সঞ্চালক সুৰজিৎ বৰগোঁহাই আৰু নলবাৰী চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডাঃ ভাস্কৰ ঠাকুৰীয়া সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰি মানস প্ৰতীম শৰ্মাই।