আকাশবাণীৰ বাতৰিয়ে সাম্প্ৰতিক সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি নিজৰ মান বৰ্তাই ৰাখি আগবাঢ়ি যাব লাগিব। কালি দৃষ্টিপাত অনুষ্ঠানত ভাৰতীয় গণসংযোগ প্রতিষ্ঠান চমুকৈ আই আই এম চিৰ আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ড° শাশ্বতী গোস্বামীয়ে এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে পৰিৱৰ্তিত সময়ৰ লগত খাপ খোৱাকৈ পৰিবেশনশৈলীৰ কিছু ৰূপান্তৰ সাধন কৰি আৰু ভাষাৰ শুদ্ধতা যথাসম্ভৱ অক্ষুন্ন ৰাখি বাতৰি পৰিবেশকসকলে আকাশবাণীৰ বাবে বাতৰি পৰিবেশন কৰিব লাগিব। কালিব অনুষ্ঠানত বিশিষ্ট বিজ্ঞানী ড০ দিনেশ চন্দ্ৰ গোস্বামীকে ধৰি কেইবাগৰাকী শ্রোতাই শব্দৰ উচ্চাৰণ আৰু বাক্যৰ গাথনিৰ কেতবোৰ ত্রুটিও আঙুলিয়াই দিয়ে। আন কেইবাগৰাকীও শ্রোতাই আকাশবাণীৰ দৃষ্টিপাত, সংবাদ চলন্তিকাকে ধৰি কেইবাটাও অনুষ্ঠান শুনি ভাল পোৱা বুলি প্ৰকাশ কৰে।
Assamese | January 12, 2025 12:15 PM | Dristipat
আকাশবাণীৰ বাতৰিয়ে সাম্প্ৰতিক সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি নিজৰ মান বৰ্তাই ৰাখি আগবাঢ়ি যাব লাগিব বুলি আই আই এম চিৰ আইজলৰ আঞ্চলিক সঞ্চালক ড° শাশ্বতী গোস্বামীৰ প্ৰকাশ