May 5, 2025 1:07 PM
88
দেশৰ বাহিৰত নিৰ্মিত সকলো ধৰণৰ চলচ্চিত্ৰৰ বাবে ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা ডোনাল্ড ট্রাম্পৰ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে দেশখনৰ বাহিৰত নিৰ্মিত সকলো ধৰণৰ চলচ্চিত্ৰৰ বাবে ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। টুথ ছ'চিয়েলৰ সৈতে হোৱা কথাবাৰ্তাত ৰাষ্ট্ৰপতি ট্রাম্পে কয়, যে তেওঁ দেশখনৰ বাণিজ্য আৰু বাণিজ্য প্রতিনিধি বিভাগক আমেৰিকাত প্ৰদৰ্শিত, বিদেশত নির্মিত ছবিৰ ক্ষেত্ৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিবলৈ কৰ্তৃত্ব দিছে। তেওঁ কয়, যে হলীউড আৰু আমেৰিকাৰ অন্যান্য প্ৰান্তৰ চলচ্চিত্ৰ উদ্যোগক বাহিৰা দেশৰ চলচ্চিত্ৰই ধবংস কৰিছে। এয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত ভাবুকি স্বৰূপ বুলি তেওঁ প্ৰকাশ ...