May 7, 2025 1:25 PM

views 40

ভাৰতৰ বিমান আক্রমণ চলোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ ডোনাল্ড ট্রাম্পৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী শিৱিৰত ভাৰতে বিমান আক্রমণ চলোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শ্ৰীট্টাম্পে কয়, যে জনসাধাৰণে কিবা এটা বিশেষ হ'বলৈ গৈ আছে বুলি পূৰ্বেই অনুমান কৰিছিল। দুয়োখন দেশৰ মাজৰ এই চিন্তাজনক পৰিস্থিতি সোনকালে অৱসান ঘটিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰদেশসমূহৰ সচিব মার্কো ৰুবিয়ই কয়, যে তেওঁ ভাৰত আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। সামাজিক মাধ্যম...

May 5, 2025 1:07 PM

views 105

দেশৰ বাহিৰত নিৰ্মিত সকলো ধৰণৰ চলচ্চিত্ৰৰ বাবে ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা ডোনাল্ড ট্রাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে দেশখনৰ বাহিৰত নিৰ্মিত সকলো ধৰণৰ চলচ্চিত্ৰৰ বাবে ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। টুথ ছ'চিয়েলৰ সৈতে হোৱা কথাবাৰ্তাত ৰাষ্ট্ৰপতি ট্রাম্পে কয়, যে তেওঁ দেশখনৰ বাণিজ্য আৰু বাণিজ্য প্রতিনিধি বিভাগক আমেৰিকাত প্ৰদৰ্শিত, বিদেশত নির্মিত ছবিৰ ক্ষেত্ৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিবলৈ কৰ্তৃত্ব দিছে। তেওঁ কয়, যে হলীউড আৰু আমেৰিকাৰ অন্যান্য প্ৰান্তৰ চলচ্চিত্ৰ উদ্যোগক বাহিৰা দেশৰ চলচ্চিত্ৰই ধবংস কৰিছে। এয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত ভাবুকি স্বৰূপ বুলি তেওঁ প্ৰকাশ ...

March 26, 2025 8:36 PM

views 64

আমেৰিকাৰ নির্বাচনী ব্যৱস্থাৰ সংস্কাৰৰ বাবে নিৰ্দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ভাৰত আৰু ব্ৰাজিলৰ প্ৰসংগ উত্থাপনেৰে আমেৰিকাৰ নির্বাচনী ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা নিৰ্দেশ দিছে। নিৰ্দেশ অনুসৰি তেওঁ এইবুলি অৱগত কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰত নাগৰিকসকলে স্বপ্নত্যায়িতভাৱে নিজৰ চিনাক্ত কৰাৰ বিপৰীতে ভাৰত আৰু ব্ৰাজিলে বায়'মেট্রিক ব্যৱস্থাৰে ভোটাৰৰ চিনাক্ত কৰে। তেওঁ লগতে জাৰ্মানী আৰু কানাডাৰ বেলট পেপাৰ ৰাজহুৱাভাৱে গণনা কৰাৰ ব্যৱস্থাকো প্ৰশংসা কৰে। উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচন আয়োগে ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ সংযোগ কৰি বায়'মে...

March 5, 2025 12:38 PM

views 63

ইউক্রেইনত শান্তি বৰ্তাই ৰখাৰ বাবে ড’নাল্ড ট্রাম্পৰ নেতৃত্বৰ অধীনত কাম কৰিবলৈ সাজু বুলি প্ৰকাশ ভ’ল’ডিমিৰ জেলেনস্কিৰ

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে দেশখনত শান্তি বৰ্তাই ৰখাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ নেতৃত্বৰ অধীনত কাম কৰিবলৈ সাজু বুলি প্ৰকাশ কৰিছে। যোৱা শুকুৰবাৰে হোৱাইট হাউছত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ পাছতে জেলেনস্কিয়ে এই কথা প্রকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্রেইনলৈ সামৰিক সহযোগিতা প্ৰদান নকৰে বুলি প্ৰকাশ কৰাৰ পাছতে জেলেস্কিয়ে কয়, যে ইউক্রেইনে শান্তি চুক্তি সন্দৰ্ভত আলোচনা আৰু খনিজ চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু আছে। সামাজিক মাধ্যমৰ এ...

February 20, 2025 7:36 AM

views 110

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিক অযোগ্য নেতা আৰু দুৰ্বল মধ্যস্থতাকাৰী আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মন্তব্য

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কিক ইউক্রেইনত চলি থকা যুদ্ধৰ বাবে দোষাৰোপ কৰি তেওঁক এজন অযোগ্য নেতা আৰু দুৰ্বল মধ্যস্থতাকাৰী বুলি অভিহিত কৰে। যুদ্ধৰ অন্ত পেলোৱাৰ উপায়ৰ বিষয়ে আলোচনা কৰাৰ লক্ষ্যৰে ৰিয়াদত অনুষ্ঠিত আমেৰিকা-ৰাছিয়াৰ শান্তি আলোচনাৰ পৰা ইউক্রেইনক বাদ দিয়াৰ বাবে জেলেনস্কিয়ে প্রতিক্রিয়া প্রকাশ কৰাৰ পিছতেই ট্রাম্পে এই মন্তব্য কৰে। আনহাতে, ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ট্রাম্পক উত্তৰ দি কয় যে যদিও তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু আমেৰিকাৰ জ...

February 14, 2025 8:42 PM

views 73

ট্রাম্পে উভয় দেশৰ মাজৰ সম্পৰ্কৰ্ক সর্বাত্মক পর্যায়লৈ উন্নীত কৰাৰ ক্ষেত্ৰত যথেষ্ট আবদান আগবঢ়াইছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ দুদিনীয়া আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ সামৰি ভাৰতলৈ উভতি আহে। এই ভ্ৰমণৰ পূৰ্বে শ্রী মোদীয়ে তিনিদিনীয়া কাৰ্যসূচীৰে ফ্ৰান্স ভ্রমণ কৰে। যোৱা ১০ ফেব্ৰুৱাৰীত তেওঁৰ এই যাত্ৰা আৰম্ভ হৈছিল। আজি ওভতনি যাত্ৰাৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পক সাক্ষাৎ কৰে। সাক্ষাৎকালত প্রধানমন্ত্রীয়ে কয়, যে তেওঁ ট্রাম্পৰ সৈতে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ কৌশলগত সহযোগিতাক আগুৱাই লৈ যাব। তেওঁ কয়, যে শ...

January 29, 2025 12:27 PM

views 51

অহা ৪ ফেব্ৰুৱাৰীত হোৱাইট হাউচলৈ বেঞ্জামিন নেটান্যাহুক আমন্ত্ৰণ ড’নাল্ড ট্রাম্পৰ

ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেটান্যাহুএ কয়, যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে অহা ৪ ফেব্ৰুৱাৰীত হোৱাইট হাউচলৈ তেওঁক আমন্ত্ৰণ জনাইছে। এই ভ্ৰমণৰ পাছত নেটান্যাহু হ'ব ট্রাম্পৰ দ্বিতীয় কাৰ্যকালত ৱাছিংটন ভ্রমণ কৰা প্ৰথমজন বিদেশী নেতা। উল্লেখযোগ্য যে গাজাত ১৫ মাহ ধৰি চলি থকা বিধ্বংসী যুদ্ধ স্থগিত ৰখা যুদ্ধবিৰতি অব্যাহত ৰাখিবলৈ আমেৰিকাই ইজৰাইল আৰু হামাছক হেঁচা প্ৰয়োগ কৰাৰ সময়তে এই ভ্রমণ কাৰ্যসূচী হাতত লোৱা হৈছে।

January 28, 2025 6:35 PM

views 104

ড’নাল্ড ট্রাম্পৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে অভিনন্দন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সৈতে বাৰ্তালাপ কৰি তেওঁক দ্বিতীয়টো কাৰ্যকালৰ বাবে অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি কয়, যে দুয়োখন ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণৰ লগতে বিশ্বজুৰি শান্তি, সমৃদ্ধি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত একেলগে কাম কৰিব। দয়োগৰাকী নেতাই ভাৰত-প্রশান্ত মহাসাগৰীয় খণ্ড, মধ্যপ্রাচ্য আৰু ইউৰোপৰ নিৰাপত্তাজনিত বিষয়কে ধ...

January 24, 2025 12:52 PM

views 90

নাটো ৰাষ্ট্ৰসমূহক প্ৰতিৰক্ষা ব্যয় মুঠ ঘৰুৱা উৎপাদনৰ ৫ শতাংশলৈ বৃদ্ধি কৰিবলৈ আহ্বান ড’নাল্ড ট্রাম্পৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে নাটো ৰাষ্ট্ৰসমূহক তেওঁলোকৰ প্ৰতিৰক্ষা ব্যয় মুঠ ঘৰুৱা উৎপাদনৰ ৫ শতাংশলৈ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে। তেওঁ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বজনীন প্ৰতিৰক্ষা ব্যয়ৰ বিশেষকৈ ইউক্রেইন যুদ্ধত অনুচিত বোজা বহন কৰিবলগীয়া হৈছে বুলি দাবী কৰিছে। ডাভোছত যোৱানিশা বিশ্ব অর্থনৈতিক মঞ্চৰ বৈঠকত দিয়া ভাষণত বিত্তীয় অৱদানৰ অসমানতাৰ বিষয়ে উল্লেখ কৰি শ্ৰী ট্রাম্পে কয়, যে আমেৰিকাই এই সংঘৰ্ষৰ নামত নাটোৰ তুলনাত ২০ হাজাৰ কোটি ডলাৰ অধিক ব্যয় কৰিছে। ৰাষ্ট্ৰপতি ট্রাম্পে ...

January 21, 2025 12:14 PM

views 96

আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰূপে ড’নাল্ড ট্রাম্পৰ শপত গ্ৰহণ

ড'নাল্ড ট্রাম্পে কালি আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰে। ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৮ বজাত ৱাশ্বিংটনৰ কেপিটেল হিলত আমেৰিকাৰ মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছে ৭৮ বছৰীয়া ড'নাল্ড জন ট্রাম্পক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। অৱশ্যে বেয়া বতৰৰ আগজাননীৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাষ্ট্ৰপতিৰ শপত গ্রহণ অনুষ্ঠান ৱাশ্বিংটনৰ ৰতুনডা হলঘৰৰ ভিতৰত অনুষ্ঠিত হয়। ট্রাম্পৰ লগতে জে ডি ভেন্সে উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্রহণ কৰে। উল্লেখযোগ্য যে যোৱা বছৰৰ ৫ নৱেম্বৰত অনুষ্ঠিত নিৰ্বাচনত ...