November 7, 2024 1:07 PM

views 93

ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পক প্রধানমন্ত্ৰীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি টেলিফোনযোগে ডনাল্ড ট্রাম্পৰ সৈতে কথা পাতে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত লাভ কৰা আকৰ্ষণীয় জয়ৰ বাবে তেওঁক অভিনন্দন জনায়। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ প্ৰযুক্তি, প্ৰতিৰক্ষা, শক্তি, মহাকাশ আৰু আন ভালেমান খণ্ডত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিবলৈ পুনৰ একেলগে কাম কৰিবলৈ আগ্রহী। প্রধানমন্ত্ৰীয়ে লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ নিৰ্বাচনৰ ৰিপাব্লিকান দলৰ প্ৰদৰ্শনৰ বাবেও ৰাষ্ট্ৰপতি ট্রাম্পক অভিনন্দন ...

November 6, 2024 8:04 PM

views 49

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত ৰিপাব্লিকান দলৰ নেতা ডোনাল্ড ট্রাম্পৰ বিজয় সুনিশ্চিত

ৰিপাব্লিকান দলৰ নেতা ডোনাল্ড ট্রাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত বিজয় সুনিশ্চিত কৰিছে। শ্ৰীট্টাম্পে ডেম'ক্রেটিক দলৰ প্ৰাৰ্থী কমলা হেৰিছৰ বিৰুদ্ধে ব্যাপক অগ্রগতি লাভ কৰিছে। জয় নিশ্চিত হোৱাৰ পাছত শ্ৰীট্টাম্পে এইদৰে কয় : বাইট পৰিৱৰ্তিত ঘটনাক্ৰমৰ সংকেত লাভ কৰাৰ পাছত কমলা হেৰিছে হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ নিৰ্ধাৰিত ভাষণ বাতিল কৰিছে। শ্ৰীট্টাম্পে জয়ৰ বাবে আৱশ্যকীয় ২৭০ টা ইলেকট্ৰৰেল ভোট ইতিমধ্যে অতিক্ৰম কৰিছে। তেওঁ পেঞ্চিলভেনিয়া আৰু জর্জিয়াসহ গুৰুত্ব অঞ্চলসমূহত জয় লাভ কৰিছে। এটা গুৰুত্বপূৰ্ণ ...

November 6, 2024 12:47 PM

views 88

ড’নাল্ড ট্রাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত শেহতীয়া ফলাফল অনুসৰি ২৪৮ টা ইলেক্টৰেল ভোটেৰে অগ্ৰগতি লাভ কৰিছে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত শেহতীয়া ফলাফল অনুসৰি ২৪৮ টা ইলেক্টৰেল ভোটেৰে অগ্ৰগতি লাভ কৰিছে। ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ট্রাম্পৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ডেম’ক্রেটিক দলৰ কমলা হেৰিছে বৰ্তমানলৈ ২১৪ টা ইলেক্টৰেল ভোট লাভ কৰিছে। উল্লেখযোগ্য যে দেশখনৰ ৰাষ্ট্ৰপতি পদত নির্বাচিত হ’বলৈ এজন প্রার্থীয়ে সর্বমুঠ ৫৩৮ টা ইলেক্টৰেল ভোটৰ ২৭০ টা ভোট লাভ কৰিব লাগিব।

November 4, 2024 8:13 PM

views 34

কাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নির্বাচন

আমেৰিকা যুক্তৰাষ্ট্ৰত কাইলৈ বহু প্ৰত্যাশিত ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ'ব। ৰিপাব্লিকান প্রার্থী তথা দেশখনৰ প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প আৰু ডেম’ক্রেটিক প্ৰাৰ্থী তথা বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতাৰে যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ বাবে এই নির্বাচন অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত কেইবাটাও টাইম জ’ন থকাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সময় অনুসাৰে বিয়লি ৫.৩০ বজাৰ পৰা ৭.৩০ বজাৰ ভিতৰত ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈ বুধবাৰে পুৱা ৫.৩০ বজাৰ পৰা ৯.৩০ ব...

August 27, 2024 6:30 PM

views 73

ডনাল্ড ট্রাম্পলৈ সমৰ্থন ডেমক্রেটিক দলৰ প্ৰাক্তন সদস্য তুলসী গাবাৰ্ডৰ

ডেমক্রেটিক দলৰ প্ৰাক্তন সদস্য তুলসী গাবার্ডে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আসন্ন ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ডনাল্ড ট্রাম্পলৈ সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ইৰাকত সামৰিক সেৱা আগবঢ়োৱা গাবার্ডে ২০২০ চনত ডেম'ক্রেটিক দলৰ ৰাষ্ট্ৰপতিৰ প্রার্থিত্বৰ দৌৰত অৱতীৰ্ণ হৈছিল আৰু দুবছৰ পাছত দল ত্যাগ কৰিছিল। গাবার্ডে কালি ট্রাম্পৰ সৈতে মিছিগণৰ ডেট্রইডত নেচনেল গার্ড এছ'ছিয়েচন সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত তেওঁ শ্ৰীট্টাম্পক ভূয়সী প্ৰশংসা কৰে।

July 19, 2024 7:54 PM

views 63

আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ডনাল্ড ট্রাম্পৰ আনুষ্ঠানিকভাৱে মনোনয়ন গ্ৰহণ

ডনাল্ড ট্রাম্পে আমেৰিকা যুক্তাষ্ট্ৰৰ মীলৱাউকিত অনুষ্ঠিত ৰিপাব্লিকান ৰাষ্ট্ৰীয় সন্মিলনত দিয়া ৰাজহুৱা ভাষণত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন গ্ৰহণ কৰে। যোৱা সপ্তাহত ট্রাম্পক এজন বন্দুকধাৰী আততায়ীয়ে হত্যাৰ চেষ্টা কৰা পাছত ট্রাম্পৰ এইটো প্ৰথম ৰাজহুৱা ভাষণ। চাৰিদিনীয়া সন্মিলনখনত ৰিপাব্লিকান দলত প্ৰাক্তন ৰাষ্ট্ৰপতি ট্রাম্পৰ আধিপত্য আৰু বিনাপ্রতিন্দ্বীতাত আলোকপাত কৰা হয়। যোৱা বুধবাৰে ৰিপাব্লিকান ৰাষ্ট্ৰীয় কমিটিৰ প্ৰতিনিধিসকলৰ মাজত সংখ্যাগৰিষ্ঠ ভোট লাভ কৰাৰ পাছত প্ৰাক্তন ৰাষ্ট্ৰপত...

July 16, 2024 10:41 AM

views 87

ট্রাম্পক ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাবে মনোনীত

■ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পক ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাবে মনোনীত কৰা হৈছে। মিলৱাউকিত যোৱা নিশা ৰিপাব্লিকান ৰাষ্ট্ৰীয় কমিটীৰ প্ৰতিনিধিসকলৰ পৰা সংখ্যাগৰিষ্ঠ ভোট লাভ কৰাৰ পাছত তেওঁক আনুষ্ঠানিকভাৱে মনোনীত করা হয়। এয়া হ'ল ২০১৬ বৰ্ষত নির্বাচনত জয়লাভ কৰাৰ পাছত আৰু ২০২০ বৰ্ষত জ' বাইডেনৰ বিৰুদ্ধে পৰাজিত হোৱাৰ পাছত ট্রাম্পে প্রতিদ্বন্দ্বিতা আগবঢ়োৱা ক্রমাগত তৃতীয় নির্বাচন। আমেৰিকা যুক্তৰাষ্ট্ৰত অহা নৱেম্বৰত ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ...

July 15, 2024 6:50 PM

views 85

ৰাজনৈতিক বিভাজন একাষৰীয়া কৰি আমেৰিকানসকলক একত্ৰিত হ’বলৈ ডনাল্ড ট্রাম্পৰ আহ্বান

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন আৰু তেওঁৰ ৰিপাব্লিকান প্রতিদ্বন্দ্বী ডনাল্ড ট্রাম্পে ৰাজনৈতিক বিভাজন একাষৰীয়া কৰি আমেৰিকানসকলক একত্ৰিত হ'বলৈ আহ্বান জনাইছে। পেনচিলভেনিয়াত হত্যাৰ প্ৰচেষ্টাৰ পৰা হাত সৰা ট্রাম্পে কয় যে, ৰিপাব্লিকান ৰাষ্ট্ৰীয় অধিবেশনৰ ভাষণত তেওঁ ৰাষ্ট্ৰপতি বাইডেনক সমালোচনা কৰাতকৈ ৰাষ্ট্ৰীয় ঐক্য অনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। উল্লেখযোগ্য যে পেনচিলভেনিয়াত কালি অনুষ্ঠিত নির্বাচনী সভাত ট্রাম্পক গুলিওৱাৰ পাছতেই আমেৰিকাৰ ছিক্রেট সেৱাই আততায়ীজনক গুলীয়াই নিহত কৰে। অহা বৃহস্পতিবাৰে ট্ৰা...