আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু তেওঁৰ ৰিপাব্লিকান প্রতিদ্বন্দ্বী ডনাল্ড ট্রাম্পে ৰাজনৈতিক বিভাজন একাষৰীয়া কৰি আমেৰিকানসকলক একত্ৰিত হ’বলৈ আহ্বান জনাইছে। পেনচিলভেনিয়াত হত্যাৰ প্ৰচেষ্টাৰ পৰা হাত সৰা ট্রাম্পে কয় যে, ৰিপাব্লিকান ৰাষ্ট্ৰীয় অধিবেশনৰ ভাষণত তেওঁ ৰাষ্ট্ৰপতি বাইডেনক সমালোচনা কৰাতকৈ ৰাষ্ট্ৰীয় ঐক্য অনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। উল্লেখযোগ্য যে পেনচিলভেনিয়াত কালি অনুষ্ঠিত নির্বাচনী সভাত ট্রাম্পক গুলিওৱাৰ পাছতেই আমেৰিকাৰ ছিক্রেট সেৱাই আততায়ীজনক গুলীয়াই নিহত কৰে। অহা বৃহস্পতিবাৰে ট্ৰাম্পে ৰিপ্লাবিকান দলৰ ৰাষ্ট্ৰীয় অধিবেশনত ভাষণ দিব।
Assamese | July 15, 2024 6:50 PM | Donald Trump
ৰাজনৈতিক বিভাজন একাষৰীয়া কৰি আমেৰিকানসকলক একত্ৰিত হ’বলৈ ডনাল্ড ট্রাম্পৰ আহ্বান