July 2, 2024 6:44 PM

views 53

পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ বাবে জিম্বাব’ৱেলৈ ৰাওনা শুভমন গিলৰ নেতৃত্বত ভাৰতৰ পুৰুষ ক্রিকেট দল

শুভমন গিলৰ নেতৃত্বত ভাৰতৰ পুৰুষ ক্রিকেট দলটোৱে অহা ৬ৰ পৰা ১৪ জুলাইলৈ জিম্বাব’ৱেৰ বিৰুদ্ধে হ'বলগীয়া পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ বাবে জিম্বাব’ৱেলৈ ৰাওনা হৈছে। শৃংখলাৰ আটাইকেইখন খেল হাৰাৰে স্পৰ্টছ ক্লাব খেলপথাৰত অনুষ্ঠিত হ'ব। সদ্য সমাপ্ত টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত অংশগ্ৰহণৰ বাবে যোৱা তথা জিম্বাব’ৱেৰ শৃংখলাৰ বাবে পূৰ্বঘোষিত ১৫ জনীয়া ভাৰতীয় দলৰ তিনিগৰাকী সদস্য ৱেষ্ট ইণ্ডিঞ্জৰ বাৰবাডোছত ঘূৰ্ণীবতাহৰ বাবে আবদ্ধ হৈ আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে প্রথম দুখন খেল...

June 28, 2024 2:57 PM

views 64

কাইলৈ আই চি চি টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত কাইলৈ বাৰবাডোছত হ'বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অৰম্ভ হ'ব। ভাৰতে যোৱা নিশা গায়ানাত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক ৬৮ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৭১ ৰান কৰে। ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই ৩৯ টা বলত সৰ্বাধিক ৫৭ ৰান কৰাৰ বিপৰীতে সূর্যকুমাৰ যাদবে ৩৬টা বলত ৪৭ আৰু হার্ডিক পা...

June 27, 2024 6:45 PM

views 97

টি-২০ বিশ্বকাপত আজি নিশা দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি নিশা গায়ানাৰ প্ৰভিডেন্স ষ্টেডিয়ামত হ’বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ভাৰতে এতিয়ালৈকে আটাইকেইখন খেলতে জয়লাভ কৰিছে। ত্রিনিদাদৰ ব্ৰায়ন লাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ আফ্রিকাই আফগানিস্তানক ৯ উইকেটত পৰাস্ত কৰে। ৫৭ ৰানৰ বিজয়ৰ লক্ষ্যৰে খেলি দক্ষিণ আফ্ৰিকাই ৮ অ’ভাৰ ৫টা বলত এটা উইকেটৰ বিনিময়ত ৬০ ৰান কৰি ...

June 25, 2024 6:55 PM

views 80

টি-২০ বিশ্বকাপত ভাৰত, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানৰ ছেমি ফাইনেললৈ যোগ্যতা অর্জন

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা দলসমূহ নিশ্চিত হৈছে। ভাৰত, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানে ছেমি ফাইনেললৈ যোগ্যতা অর্জন কৰিছে। আফগানিস্তানে আজি কিংষ্টনত অনুষ্ঠিত প্রতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ এখন ৰোমাঞ্চকৰ খেলত বাংলাদেশক ডাক ৱৰ্থ লুইছ পদ্ধতিৰ সহায়ত ৮ ৰানত পৰাস্ত কৰি চতুৰ্থটো দল হিচাপে ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। খেলখনত আফগানিস্তানে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অ’ভাৰত ৫ টা উইকেটৰ বিনিময়ত ১১৫ ৰান সংগ্ৰহ কৰে। খেলখনত বৰষুণে ব...

June 21, 2024 1:14 PM

views 74

আই চি চি টি-২০ বিশ্বকাপত ছুপাৰ এইট পর্যায়ৰ এখন খেলত ভাৰতৰ হাতত আফগানিস্তান ৪৭ ৰানত পৰাস্ত

ভাৰতে যোৱা নিশা বাৰবাডোছৰ ব্ৰীজটাউনত অনুষ্ঠিত আই চি চি টি-২০বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ এইট পর্যায়ৰ এখন খেলত আফগানিস্তানক ৪৭ ৰানত পৰাস্ত কৰে। আফগানিস্তানে ১৮২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৩৪ ৰানহে কৰিবলৈ সমৰ্থ হয়। প্রতিযোগিতাত আজিৰ দুখন খেলৰ প্ৰথমখনত অষ্ট্ৰেলিয়া বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনত বাংলদেশে প্রথমে বেট ধৰি অষ্ট্ৰেলিয়াক ১৪১ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমালৈ বাতৰি অহাৰ পৰলৈকে অষ্ট্ৰেলিয়াই ৬ অভাৰত ১টা উইকেট হে...

June 15, 2024 12:37 PM

views 68

টি-টুৱেণ্টি বিশ্বকাপত আজি নিশা ৮ বজাত ভাৰত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত আজি ফ্লৰিডাত হ'বলগীয়া আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে, আয়াৰলেণ্ডৰ বিৰুদ্ধে লৌডেৰহিলত হ'বলগীয়া খেলখন নেৰা নেপেৰা বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰাত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰতিযোগিতাৰ ছুপাৰ এইট পর্যায়ত স্থান লাভ কৰে। আমেৰিকাই এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰতৰ পাছত আমেৰিকা ছুপাৰ এইট পৰ্যায়ত প্ৰৱেশ কৰা গ্ৰুপ-এৰ...

June 14, 2024 7:55 PM

views 79

আই চি চি টি-২০ বিশ্বকাপত আজি নিশা ৮ বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আয়াৰলেণ্ডৰ সন্মুখীন হ’ব

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ট্ৰিনিডাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-চিৰ এখন খেলত আজি পুৱা আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত পাপুৱা নিউগিনিয়ে ১৯.৫ অভাৰত ৯৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আফগানিস্তানে ১৫.১ অভাৰত ৩টা উইকেট হেৰুৱাই ১০১ ৰান সংগ্ৰহ কৰে। আনহাতে আনখন খেলত ইংলেণ্ডে ওমানক ৮ উইকেটত পৰাস্ত কৰে। খেলখনত ওমানে ১৩ দশমিক ২ অভাৰত ৪৭ ৰান সংগ্ৰক কৰাৰ বিপৰীতে ইংলেে ৩ দশমিক ১ অভাৰত দুটা উইকেট হেৰুৱাই ৫০ ৰান সংগ্ৰহ কৰে। আন খেল নিশা ৮ বজাত আমেৰিকা যুক্তৰাষ্...

June 14, 2024 4:31 PM

views 65

আই চি চি টি-২০ বিশ্বকাপত আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ট্ৰিনিডাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-চিৰ এখন খেলত আজি পুৱা আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত কৰে। জয়ৰ বাবে ৯৬ ৰাণৰ লক্ষ্য আগত লৈ আফগানিস্তানে ১৫ অভাৰ এটা বলত তিনিটা উইকেটৰ বিনিময়ত ১০১ ৰাণ কৰি বিজয় সাব্যস্ত কৰে। দলটোৰ হৈ গোলবদিন নাইবে কেৱল ৩৬ টা বলত ৪৯ ৰাণ কৰি অপৰাজিত হৈ থাকে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি পাপুৱা নিউগিনিয়ে ১৯ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ৯৫ ৰাণ কৰে। ফজল হক ফাৰুকিয়ে তিনিটা আৰু নবীন-উল হকে দুটা উইকেট ...

June 13, 2024 4:49 PM

views 46

আই চি চি টি-২০ বিশ্বকাপত নিশা ৮ বজাত বাংলাদেশ নেডাৰলেণ্ডছৰ সন্মুখীন হ’ব

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ৱেষ্ট ইণ্ডিজৰ কিংষ্টনত হ’বলগীয়া এখন খেলত বাংলাদেশ নেডাৰলেণ্ডছৰ সন্মুখীন হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। আজি পুৱা ত্রিনিদাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত ৱেষ্ট ইণ্ডিজে নিউজিলেণ্ডক ১৩ ৰানত পৰাস্ত কৰে। এই জয়ৰ লগে লগে ৱেষ্ট ইণ্ডিজে ছুপাৰ এইট পৰ্যায়ৰ খেলৰ বাবে যোগ্যতা অৰ্জন কৰে। খেলখনত ৱেষ্ট ইণ্ডিজে প্রথমে বেট ধৰি নিউজিলেণ্ডক ১৫০ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। শ্বেৰফিন ৰাডাৰফ’ৰ্ডে ৩৯ টা বলত ৬৮ ৰান...

June 12, 2024 1:14 PM

views 67

টি-২০ বিশ্বকাপত আজি নিশা ৮ বজাত ভাৰত আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

নিউয়ৰ্কৰ নাছাউকাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ভাৰত আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। দুয়োটা দল প্রতিযোগিতাত বৰ্তমানলৈ এখনো খেলত পৰাজিত হোৱা নাই। ভাৰতে পাকিস্তান আৰু আয়ৰলেণ্ডৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে আমেৰিকাই কানাডা আৰু পাকিস্তানক পৰাভূত কৰিছে। ভাৰত উন্নত ৰাণ ৰেটৰ ভিত্তিত গ্ৰুপৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে। আনহাতে আমেৰিকা দ্বিতীয় স্থানত আছে। এন্টিগুৱাত অন...