আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ আই-চি-চিয়ে ভাৰতীয় বেগী বলাৰ যশপ্রীত বুমৰাহক চলিত বৰ্ষৰ জুনৰ বাবে আই-চি-চিৰ মাহটোৰ পুৰুষ খেলুৱৈ হিচাপে ঘোষণা কৰিছে। যশপ্রীত বুমৰাহে সদ্যসমাপ্ত টি- ২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ৮খন খেলত ১৫টা উইকেট দখল কৰিছিল। খেলুৱৈগৰাকী প্লেয়াৰ অব দ্য টুর্ণামেন্ট হিচাপেও ঘোষণা কৰা হৈছিল। আনহাতে, আই-চি-চিয়ে ভাৰতীয় মহিলা দলৰ উপ-অধিনায়ক স্মৃতি মান্ধানাক জুনৰ বাবে আই-চি -চি মাহটোৰ মহিলা খেলুৱৈ হিচাপে ঘোষণা কৰিছে। খেলুৱৈগৰাকীয়ে ইংলেণ্ডৰ মাইয়া বাউচৰ আৰু শ্ৰীলংকাৰ ৱিশ্মি গুনাৰত্নেক চেৰ পেলাই এই কৃতিত্ব অর্জন কৰিছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগবঢ়োৱা আকৰ্ষণীয় প্ৰদৰ্শনৰ বাবে মান্ধানাই এই সন্মান লাভ কৰিবলৈ সমৰ্থ হৈছে।
Assamese | July 10, 2024 12:44 PM | Cricket | ICC | Jasprit Bumrah | SPORTS
যশপ্রীত বুমৰাহক চলিত বৰ্ষৰ জুনৰ বাবে আই-চি-চিৰ মাহটোৰ পুৰুষ খেলুৱৈ হিচাপে ঘোষণা