June 8, 2024 2:29 PM

views 55

নেহেৰু ষ্টেডিয়ামত কনকলতা বৰুৱা মহিলা আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ধেমাজিয়ে কৰিমগঞ্জক ১৮৪ ৰানত পৰাস্ত

গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কনকলতা বৰুৱা মহিলা আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত কালি ধেমাজিয়ে কৰিমগঞ্জক ১৮৪ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। টছত জিকি প্রথমে বেটিঙৰ সিদ্ধান্ত লোৱা ধেমাজিয়ে এটা উইকেট হেৰুৱাই ২০৮ ৰান সংগ্ৰহ কৰে। বিজয় বিশাল লক্ষ্য সন্মুখত লৈ কৰিমগঞ্জে মাত্র ২৪ ৰানতে ইনিংছ সামৰিব লগা হয়। খেলখনত ধেমাজিৰ হেমলতা পায়েঙে শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰাৰ লগতে প্রিয়াংশী দত্তই শ্রেষ্ঠ বলাৰ আৰু ফ্লৰিনা টায়েই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।

June 4, 2024 8:58 PM

views 71

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত উগাণ্ডাক ১২৫ ৰানত পৰাস্ত আফগানিস্তানৰ

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিঞ্জত চলি থকা আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি অনুষ্ঠিত এখন খেলত আফগানিস্তানে উগাণ্ডাক ১২৫ ৰানত পৰাস্ত কৰে। প্ৰভিডেন্সত অনুষ্ঠিত খেলখনত আফগানিস্তানে প্রথমে বেটিং কৰি ৫ উইকেটৰ বিনিময়ত ১৮৩ ৰান কৰাৰ প্ৰত্যুত্তৰত উগাণ্ডা ৫৮ ৰানত অল আউট হয়। আফগানিস্তানৰ হৈ ফজলহক ফাৰুকীয়ে ৪ অভাৰত ৯ ৰান খৰচ কৰি ৫টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে আফগানিস্তানৰ ইনিংছত ৰহমনউল্লাহ গুৰবাজে ৭৬ আৰু ইব্রাহিম জাদানে ৭০ ৰানৰ বৰঙণি আগবঢ়ায়। ইপিনে আজি ৱেষ্ট ইণ্ডিজৰ ব্ৰীজটাউনত নিশা ৮ বজাৰ পৰা অ...

May 31, 2024 5:58 PM

views 86

ভাৰতীয় ছিনিয়ৰ মহিলা ক্ৰিকেট দলত অসমৰ উমা চেত্ৰীৰ স্থান লাভ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অহা ১৬ জুনৰ পৰা হ’বলগীয়া ক্রিকেট শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতৰ ছিনিয়ৰ মহিলা দলত অসমৰ উমা চেত্ৰীয়ে স্থান লাভ কৰে। গোলাঘাট জিলাৰ বোকাখাটৰ জিয়ৰী উমা চেত্ৰীয়ে পুনৰ জাতীয় দলৰ বাবে নিৰ্বাচিত হোৱাত খেলুৱৈগৰাকীৰ বাসগৃহত আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হয়। বোকাখাট জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াই উইকেট ৰক্ষক বেটাৰ উমাক শুভেচ্ছা জ্ঞাপন কৰে। ইপিনে, অসম ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক ত্ৰিদিব কোঁৱৰে খেলুৱৈগৰাকীক শুভচ্ছো জনোৱাৰ লগতে ভৱিষ্যতে সহায় কৰি যাব বুলি প্ৰকাশ কৰে। উ...

May 25, 2024 5:52 PM

views 73

কাইলৈ আই পি এলৰ ফাইনেলত ছানৰাইজাৰ্ছ হায়দাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

আই পি এল ক্রিকেট প্রতিযোগিতাত কাইলৈ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ’বলগীয়া ফাইনেলত ছানৰাইজাৰ্ছ হায়দাবাদ, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে, ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

May 18, 2024 10:48 PM

views 84

আই পি এলঃ বৰ্ষাপাৰাত টি-২০ খেলৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত কাইলৈ হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ টি-২০ ক্রিকেট খেলখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্র-ছাত্রী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ যাতায়তৰ সুবিধা হোৱাৰ লগতে জৰুৰীকালীন বাহন যেনে এম্বুলেন্স, স্কুল বাছ, অগ্নি নিৰ্বাপক বাহন আদিৰ চলাচল সুচল হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসাৰে কাইলৈ দিনৰ ৩ বজাৰ পৰা নিশা ১২ বজালৈ ২৭ নম্বৰ ৰাষ্ট্ৰ...

May 17, 2024 4:50 PM

views 64

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ বনাম মুম্বাই ইণ্ডিয়ানছ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ বাংখেড়ে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে আই পি এলত ছানৰাইজাৰ্ছ হায়দাবাদ আৰু গুজৰাট টাইটানছৰ মাজত কালিৰ খেলখন বৰষুণৰ বাবে টছ নোহোৱাকৈয়ে পৰিত্যক্ত ঘোষণা কৰা হয়। ফলত হায়দাবাদ দলটো প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰে। প্লে অফ পৰ্যায়ৰ চতুৰ্থ তথা অন্তিম স্থানৰ বাবে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত প্ৰতিদ্বন্দ্বিতা অব্যাহত আছ...

May 11, 2024 2:54 PM

views 55

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত মুম্বাই ইণ্ডিয়ানছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

● আই পি এল ক্রিকেট প্রতিযোগিতাত আজি কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ইফালে গুজৰাট টাইটানছে যোৱানিশা আহমেদাবাদত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক ৩৫ ৰানত পৰাস্ত কৰে। যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে ২৩২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৯৬ ৰানহে সংগ্ৰহ কৰে। চেন্নাইৰ হৈ ডেৰিল মিছেলে সৰ্বাধিক ৬৩ ৰান কৰে। গুজৰাটৰ মোহিত শৰ্মাই ...

May 7, 2024 1:51 PM

views 56

আই পি এলঃ ৰাজস্থান ৰয়েলছ বনাম দিল্লী কেপিটেলছ

♦ আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ মুখামুখি হ'ব। বর্তমান পইণ্ট তালিকাত ৰাজস্থান দ্বিতীয় স্থানত থকাৰ বিপৰীতে দিল্লী ষষ্ঠ স্থানত আছে। প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দাবাদক ৭ উইকেটত পৰাস্ত কৰে। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ঘৰুৱা দলটোৱে আৰম্ভণিতেই তিনিটা উইকেট হেৰুৱাইছিল যদিও সূর্যকুমাৰ যাদবৰ অপৰাজিত শতকৰ সহায়ত ১৭ অভাৰ ২ টা বলত ১৭৪ ৰানৰ লক্ষ্য সফলতা...

May 6, 2024 1:36 PM

views 69

আই পি এলঃ কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৯৮ ৰানত পৰাজিত

♦আই পি এল ক্রিকেট প্রতিযোগিতাৰ লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৯৮ ৰানৰ বৃহৎ ব্যৱধানত পৰাজিত কৰে। ২৩৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি লক্ষ্ণৌয়ে ১৬ অভাৰ এটা বলতে আটাইকেইটা উইকেট হেৰুৱাই ১৩৭ ৰানহে কৰিবলৈ সক্ষম হয়। হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তীয়ে ৩টাকৈ মুঠ ৬টা উইকেট লাভ কৰি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বেটিং লাইন বিধবস্ত কৰে। দলটোৰ হৈ কে এল ৰাহুল আৰু মাৰ্কাছ ষ্ট’ইনিছে ৫০ ৰানৰ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই যদিও কে এল ৰাহুল আউট হোৱাৰ পাছতে সক...

May 6, 2024 12:30 PM

views 67

আইচিচি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা-২০২৪, ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ বাংলাদেশত অনুষ্ঠিত হ’ব

♦ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ চমুকৈ আই চি চি এ নৱম আইচিচি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা-২০২৪, ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ বাংলাদেশত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে। আইচিচিৰ প্ৰেছ বিবৃতি অনুসৰি ঢাকাৰ শ্বেৰে বাংলা ৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়াম আৰু চিলেট আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ১৮ দিনৰ ভিতৰত দহটা দলে মুঠ ২৩খন খেল খেলিব। ২০২৩ চনৰ ৰানাৰ্ছ আপ দক্ষিণ আফ্রিকাই টি-২০ মহিলা বিশ্বকাপৰ উদ্বোধনী মেচত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৪ অক্টোবৰত ভাৰতীয় দলটো নিউজিলেণ্ডৰ মুখামুখি হ'ব।