আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি নিশা গায়ানাৰ প্ৰভিডেন্স ষ্টেডিয়ামত হ’বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ভাৰতে এতিয়ালৈকে আটাইকেইখন খেলতে জয়লাভ কৰিছে। ত্রিনিদাদৰ ব্ৰায়ন লাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ আফ্রিকাই আফগানিস্তানক ৯ উইকেটত পৰাস্ত কৰে। ৫৭ ৰানৰ বিজয়ৰ লক্ষ্যৰে খেলি দক্ষিণ আফ্ৰিকাই ৮ অ’ভাৰ ৫টা বলত এটা উইকেটৰ বিনিময়ত ৬০ ৰান কৰি জয়লাভ কৰে। ইয়াৰ পূৰ্বে আফগানিস্তানে টছত জিকি প্রথমে বেট ধৰি ১১ অ’ভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ৫৬ ৰানহে কৰিবলৈ সমৰ্থ হয়। আই চি চি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত এতিয়ালৈকে এইটোৱেই সৰ্বনিম্ন স্ক’ৰ। বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত দক্ষিণ আফ্রিকাই প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে। উল্লেখযোগ্য যে, প্রতিযোগিতাৰ চূড়ান্ত খেলখন শনিবাৰে বাৰবাডোছৰ ব্ৰীজটাউনত অনুষ্ঠিত হ’ব।
Assamese | June 27, 2024 6:45 PM | Cricket | ICC T20 World Cup | SPORTS | t-20 world cup | T20
টি-২০ বিশ্বকাপত আজি নিশা দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ