আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ট্ৰিনিডাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-চিৰ এখন খেলত আজি পুৱা আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত কৰে। জয়ৰ বাবে ৯৬ ৰাণৰ লক্ষ্য আগত লৈ আফগানিস্তানে ১৫ অভাৰ এটা বলত তিনিটা উইকেটৰ বিনিময়ত ১০১ ৰাণ কৰি বিজয় সাব্যস্ত কৰে। দলটোৰ হৈ গোলবদিন নাইবে কেৱল ৩৬ টা বলত ৪৯ ৰাণ কৰি অপৰাজিত হৈ থাকে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি পাপুৱা নিউগিনিয়ে ১৯ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ৯৫ ৰাণ কৰে। ফজল হক ফাৰুকিয়ে তিনিটা আৰু নবীন-উল হকে দুটা উইকেট দখল কৰি আফগানিস্তানৰ জয়ত বিশেষ বৰঙণি আগবঢ়ায়। ফাৰুকিক প্লেয়াৰ অৱ দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। এই জয়ৰ সুবাদত আফগানিস্তানে গ্ৰুপ-চিৰ পৰা আয়োজক ৱেষ্টইণ্ডিজৰ সৈতে ছুপাৰ-৮ পৰ্যায়ত নিজৰ স্থান নিশ্চিত কৰিলে। নিউজিলেণ্ড, পাপুৱা নিউগিনি আৰু উগাণ্ডাই পৰবৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হোৱাত ব্যৰ্থ হয়।
Assamese | June 14, 2024 4:31 PM | Cricket | ICC | ICC T20 World Cup
আই চি চি টি-২০ বিশ্বকাপত আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত