ভাৰতে কালি হাৰাৰে স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত জিম্বাব’ৱেক ২৩ ৰাণত পৰাস্ত কৰে। খেলখনত ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অ’ভাৰত চাৰিটা উইকেট হেৰুৱাই ১৮২ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ য়শস্বী জয়ছোৱালে ২৭ টা বলত ৩৬ ৰান, শুভমন গীলে ৪৯ টা বলত ৬৬ ৰান আৰু ৰুতুৰাজ গাইকোৱাডে ২৮ টা বলত ৪৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত জিম্বাবুৱে নিৰ্ধাৰিত অভাৰত ৬ টা উইকেটৰ বিনিময়ত ১৫৯ ৰাণহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ লগে লগে ভাৰতে শৃংখলাত ২-১ ফলাফলেৰে অগ্ৰগতি লাভ কৰিছে।
Assamese | July 11, 2024 12:42 PM | Cricket | SPORTS
পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত জিম্বাব’ৱেক ২৩ ৰাণত পৰাস্ত ভাৰতৰ