ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল আজি হাৰাৰে স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৪ বজাত আৰম্ভ হ’ব। শৃংখলাত দুয়োটা দলে একোখনকৈ খেলত জয়লাভ কৰিছে। শুভমন গীল নেতৃত্বাধীন ভাৰতীয় যুৱ দলটোৱে আজিৰ খেলখনত জয়লাভ কৰি শৃংখলাত অগ্রগতি লাভৰ চেষ্টা চলাব।
ইপিনে, ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ পৰিষদ বি-চি-চি-আয়ে জিম্বাব’ৱে ক্রিকেট আৰু জিম্বাবৱে পৰ্যটনৰ সহযোগত ভাৰতীয় ক্রিকেট দলৰ সদস্য আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে কালি হাৰাৰেত বন্যপ্ৰাণী ভ্ৰমণৰ আয়োজন কৰে। বি-চি-চি-আয়ে সামাজিক মাধ্যমত এই ভ্ৰমণৰ ফটো আপলোড কৰিছে।
Assamese | July 10, 2024 12:15 PM | Cricket | SPORTS | T20
ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ আজি তৃতীয়খন খেল