হাৰাৰেত চলি থকা ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ পাঁচখনীয়া টি-টুৱেণ্টি মেচৰ শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দলটোৱে ভাৰতক জয়ৰ বাবে ১১৬ ৰাণৰ লক্ষ্য বান্ধি দিছে। ভাৰতে ছৈত জিকি জিম্বাব’ৱেক প্ৰথমে বেটিঙৰ বাবে আমন্ত্রণ জনায়। দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১১৫ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবি বিষ্ণয়ে সৰ্বাধিক চাৰিটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে বাতৰি লিখা পৰলৈকে ১০ অভাৰত ৫টা উইকেট হেৰুৱাই ৪৩ ৰাণ কৰি খেলি আছে। উল্লেখযোগ্য যে অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ এই খেলখনত অভিষেক ঘটিছে।
Assamese | July 6, 2024 8:23 PM | Cricket | India vs Zimbabwe T20 | SPORTS | T-20 cricket
হাৰাৰেত টি-টুৱেণ্টি মেচৰ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতক জয়ৰ বাবে ১১৬ ৰাণৰ লক্ষ্য জিম্বাব’ৱেৰ