February 11, 2025 11:07 AM

views 57

গুৱাহাটীত শোভাযাত্রা, সমদল আদি নিষিদ্ধ ঘোষণা

এডভান্টেজ আছাম শীর্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আইন-শৃংখলা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। এই সন্মিলনৰ বাবে আৰক্ষীয়ে গুৱাহাটীত শোভাযাত্রা, সমদল আদি নিষিদ্ধ ঘোষণা কৰিছে। মহানগৰ আৰক্ষীয়ে কালি এটা নির্দেশ যোগে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এনেধৰণৰ শোভাযাত্রা, সমদলকে ধৰি সমূহীয়া কাৰ্যসূচীৰ ফলত মহানগৰীত ভীষণ যান-জটৰ সৃষ্টি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সন্মিলনৰ পূৰ্বে এনেধৰণৰ কাৰ্যসূচী নিষিদ্ধ কৰা হৈছে। উল্লেখযোগ্য যে কালি কেইবাগৰাকীও মন্ত্ৰীয়ে পর্যালোচনা বৈঠকত অংশ লৈ ৰা...

January 29, 2025 1:12 PM

views 70

অসম আৰক্ষীৰ বিশেষ অভিযানত প্রায় ৩ কোটি টকা মূল্যৰ মাদকদ্রব্য জব্দ

অসম আৰক্ষীয়ে যোৱানিশা বিশেষ অভিযান চলাই প্রায় ৩ কোটি টকা মূল্যৰ মাদকদ্রব্য জব্দ কৰে। কাৰ্বি আংলং আৰক্ষীয়ে বোকাজানৰ অমৰাজানত এখন বাহনৰ পৰা ৭৪৫ গ্রাম হেৰ'ইন জব্দ কৰে আৰু এই সংক্ৰান্তত দুজন লোকক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য প্রায় ২ কোটি হ'ব বুলি অনুমান কৰা হৈছে। ইপিনে, নগাঁও আৰক্ষীয়ে যোৱানিশা বঘাট বাইপাছত এখন বাহন ৰখাই বাহনখনৰ পৰা ১৯ হাজাৰৰো অধিক ডাইক্ল’মাইন হাইড্ৰ’ক্লাইড কেপচুল জব্দ কৰে। এই কেপচুলখিনিৰ মূল্য ১ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে এই ঘটনা সংক্রান্তত তিনিজন...

January 22, 2025 8:34 PM

views 69

তামুলপুৰৰ ভিন্ন স্থানত জব্দ কৰা ভালেসংখ্যক নিষিদ্ধ নিচাযুক্ত দ্ৰব্য বিনষ্ট তামুলপুৰ আৰক্ষীৰ

তামুলপুৰ আৰক্ষীয়ে আজি জিলাখনৰ বিভিন্ন স্থানত জব্দ কৰা ভালেসংখ্যক নিষিদ্ধ নিচাযুক্ত দ্ৰব্য বিনষ্ট কৰে। তামুলপুৰৰ বৰখাটা শ্মশানত জিলা নিচাযুক্ত দ্ৰব্য বিনষ্ট সমিতিৰ সদস্যৰ উপস্থিতিত বিনষ্ট কৰা সামগ্ৰীৰ ভিতৰত ২০৭ দশমিক ৫ কিলোগ্ৰাম ভাং, ২৪ গ্রাম হেৰ'ইন, ৮ হাজাৰ ৫০০ নিচাযুক্ত দ্ৰব্যৰ বড়ি, ২ হাজাৰ ব্রাউন ছুগাৰৰ পেকেট আৰু নিচা কৰিব পৰা কাহৰ জুলীয়া ঔষধৰ ৩৬৮টা বটল আছিল। এই নিচাযুক্ত দ্রব্যখিনিৰ বজাৰ মূল্য প্রায় একো কোটি ৬৫ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে।

January 22, 2025 8:28 PM

views 60

সামাজিক মাধ্যমত গো হত্যাৰ দৃশ্য আপলোড কৰাৰ অভিযোগত ৬জন লোকক গ্ৰেপ্তাৰ

অসম চৰকাৰে ৰাজ্যত গো হত্যা নিষিদ্ধ কৰাৰ পৰিপ্ৰেক্ষিতত এটা সামাজিক মাধ্যমত গো হত্যাৰ দৃশ্য আপলোড কৰাৰ অভিযোগত গুৱাহাটী মহানগৰ আৰক্ষীয়ে ৬জন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোককেইজন কামৰূপ জিলাৰ ছয়গাওঁ আৰক্ষী থানাৰ অন্তৰ্গত আচলপাৰাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। অসম পশুধন সংৰক্ষণ আইনৰ অধীনত হাতীগাওঁ আৰক্ষী থানাত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছিল।

January 19, 2025 7:27 PM

views 43

তামুলপুৰৰ ভূটান সীমান্তত তেল মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

তামুলপুৰৰ ভূটান সীমান্তত তেল মাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই পেট্ৰ'ল ভর্তি ৫খন অবৈধ বাহন জব্দ কৰাৰ লগতে ৬গৰাকী লোকক আটক কৰে। ভূটানৰ পৰা পুৱতি নিশা অবৈধভাৱে পেট্ৰ'ল আনি থকা অৱস্থাত এই বাহনসমূহ জব্দ কৰিবলৈ আৰক্ষী সক্ষম হয়। উল্লেখযোগ্য যে, ভূটানত ৬৩টকাত ক্ৰয় কৰা পেট্ৰ'ল অবৈধভাৱে তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ বজাৰত অতিৰিক্ত দামত তেল মাফিয়াসকলে বিক্ৰী কৰি আহিছে। তেল মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে।

January 19, 2025 7:00 PM

views 59

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰেট হ’ল মাইনিং বন্ধ কৰিবলৈ অসম আৰক্ষীৰ তৎপৰতা গ্ৰহণ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই অসম আৰক্ষীয়ে ৰাজ্যত চলি থকা ৰেট হ'ল মাইনিং অর্থাৎ এন্দুৰৰ গাঁত সদৃশ কয়লা খনিৰ খনন বন্ধ কৰিবলৈ তৎপৰতা গ্ৰহণ কৰিছে। অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙে কয় যে ৭ দিনৰ ভিতৰত ৰেট হ'ল মাইনিং বন্ধ কৰা হ'ব। মাৰ্ঘেৰিটা, লিডু, লেখাপানী আদি অঞ্চলত এতিয়াও ৰেট হ'ল মাইনিং চলি আছে বুলি তেওঁ উল্লেখ কৰে।

January 15, 2025 7:02 PM

views 64

গুৱাহাটী মহানগৰীৰ ৯ খন আৰক্ষী থানাত নতুন ভাৰপ্রাপ্ত বিষয়া নিযুক্তি

গুৱাহাটী মহানগৰীৰ ৯ খন আৰক্ষী থানাত নতুন ভাৰপ্রাপ্ত বিষয়াক নিযুক্তি দিয়া হৈছে। পৰিদৰ্শক পৰ্যায়ৰ এই আৰক্ষী বিষয়াসকলক তৎকালেই কর্তব্যত যোগদান কৰিবলৈ মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে নির্দেশনা জাৰি কৰিছে। ভাস্কৰ মল্ল পাটোৱাৰীক দিছপুৰ আৰক্ষী থানাৰ, কপিল পাঠকক বশিষ্ঠ আৰক্ষী থানাৰ, শংকৰজ্যোতি নাথক পানবজাৰ আৰক্ষী থানাৰ, কুলেশজ্যোতি ভূঞাক পল্টনবজাৰ আৰক্ষী থানাৰ আৰু শ্ৰীমতী জুনামণি কলিতাক চানমাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰূপে নিযুক্তি দিয়া হৈছে বুলি আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনাইছে।

January 11, 2025 9:13 PM

views 56

ধুবুৰী জিলাৰ নয়াহাট আৰক্ষী চকীৰ কনিষ্টবল বীৰেন্দ্ৰ বৰ্মনক উৎকোচ লোৱাৰ অভিযোগত ৰিজাৰ্ভ ক্লোজ

ধুবুৰী জিলাৰ নয়াহাট আৰক্ষী চকীৰ কনিষ্টবল বীৰেন্দ্ৰ বৰ্মনক উৎকোচ লোৱাৰ অভিযোগত ৰিজাৰ্ভ ক্লোজ কৰা হৈছে। জিলা আৰক্ষী অধীক্ষকৰ উদ্ধৃতি দি আমাৰ ধুবুৰীৰ সংবাদদাতাই জনোৱা মতে, চোৰাং কাঠ ব্যৱসায়ীৰ বাহনৰ পৰা উৎকোচ লোৱাৰ ভিডিঅ’ পোহৰলৈ অহাৰ পাছত জিলা আৰক্ষী অধীক্ষক নবীন সিঙে কনিষ্টবল বর্মনক ৰিজাৰ্ভ ক্লোজ কৰাৰ লগতে নয়াহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক শাস্তিমূলক বদলিৰ নিৰ্দেশ দিয়ে।

January 8, 2025 9:05 PM

views 80

নাগালেণ্ডৰ মুককচাং জিলাত নগা লোকৰ আক্ৰমণত আহত অসম আৰক্ষীৰ এজন জোৱানক উদ্ধাৰ

নাগালেণ্ডৰ মুককচাং জিলাত প্ৰৱেশ কৰাৰ পাছত নগা লোকৰ আক্ৰমণত আহত অসম আৰক্ষীৰ এজন জোৱানক আজি অসম আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ চৰাইদেউ সংবাদদাতাই জনোৱা মতে যোৰহাট জিলাৰ টীয়ক আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত কালি গাড়ী চুৰিৰ ঘটনাৰ তদন্তৰ বাবে নাগালেণ্ডৰ মুককচাং জিলাৰ য়া-চাং-চি বস্তিলৈ যোৱা ১৬ জনীয়া আৰক্ষীৰ দলটোক গাঁওখনৰ একাংশ নগালোকে আক্ৰমণ কৰে আৰু ইয়াৰ ফলত একাদশ অসম আৰক্ষী বেটেলিয়ানৰ জোৱানৰ বিদ্যুৎ দাস গুৰুতৰভাবে আহত হয়। ঘটনাৰ খবৰ পাই নাগালেণ্...

January 7, 2025 1:14 PM

views 49

অসম আৰক্ষীৰ বিশেষ কর্মবাহিনীৰ এই পৰ্যন্ত ২৫৪ টা অভিযানত সফলতা

অসম আৰক্ষীৰ বিশেষ কর্মবাহিনী, এছ টি এফে যোৱা বছৰৰ ১ মাৰ্চৰ পৰা ৩১ ডিচেম্বৰ পৰ্যন্ত ২৫৪ টা অভিযানত সফলতা লাভ কৰে। আৰক্ষীয়ে বিগত বছৰটোত কূটাঘাটকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত ২১ জন জেহাদীক আটক কৰাৰ লগতে বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰে। গুৱাহাটীৰ উলুবাৰীৰ অসম আৰক্ষী মুখ্য কাৰ্যালয়ত কালি আয়োজিত এখন সংবাদমেলত আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান হৰমিত সিং আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই এই বিষয়ে প্ৰকাশ কৰে। গ্ৰেপ্তাৰ কৰা লোককেইজনৰ ভিতৰত আই এছ আই এছ ইণ্ডিয়াৰ মুৰববীসহ ১৬ জন ইছলামিক উগ্রপন্থ...