তামুলপুৰৰ ভূটান সীমান্তত তেল মাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই পেট্ৰ’ল ভর্তি ৫খন অবৈধ বাহন জব্দ কৰাৰ লগতে ৬গৰাকী লোকক আটক কৰে। ভূটানৰ পৰা পুৱতি নিশা অবৈধভাৱে পেট্ৰ’ল আনি থকা অৱস্থাত এই বাহনসমূহ জব্দ কৰিবলৈ আৰক্ষী সক্ষম হয়। উল্লেখযোগ্য যে, ভূটানত ৬৩টকাত ক্ৰয় কৰা পেট্ৰ’ল অবৈধভাৱে তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ বজাৰত অতিৰিক্ত দামত তেল মাফিয়াসকলে বিক্ৰী কৰি আহিছে। তেল মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে।
Assamese | January 19, 2025 7:27 PM | Assam Police
তামুলপুৰৰ ভূটান সীমান্তত তেল মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান