June 13, 2024 6:20 PM

views 64

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। মৰিগাঁও জিলাৰ কেইবাটাও স্থানত অভিযান চলাই আৰক্ষীয়ে চাইবাৰ অপৰাধৰ সৈতে জড়িত ১২ জন লোকক আটক কৰে। আৰক্ষীয়ে মায়ং, লাহৰিঘাট, ভুৰাগাঁও, বৰচলা আৰু মৈৰাবাৰীত অভিযান চলাই বিভিন্ন বেংকৰ পাছবুক, চেকবুক, পানকাৰ্ড, আধাৰকাৰ্ড, মোবাইল ফোন, লেপটপসহ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰে। মৰিগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰে ৷ জিলাখনৰ মায়ং থানাৰ এলেকাৰ পৰা আৰক্ষীয়ে প্ৰথমবাৰৰ বাবে দু...

June 3, 2024 7:55 PM

views 65

লখিমপুৰ জিলাৰ ঢকুৱাখনাত সংঘটিত হত্যাকাণ্ড সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দল গঠন

অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙে লখিমপুৰ জিলাৰ ঢকুৱাখনাত সংঘটিত হত্যাকাণ্ড সন্দৰ্ভত বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে বুলি জানিবলৈ দিছে। তেওঁ মৃত সুনীল গগৈ নামৰ ব্যৱসায়ীজনৰ বাসগৃহত উপস্থিত হৈ আজি পৰিয়ালৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে যোৱা শনিবাৰে এই ব্যৱসায়ীজনক দুৰ্বৃত্তই হত্যা কৰিছিল।

June 3, 2024 7:53 PM

views 47

ভোটগণনাৰ বাবে গুৱাহাটী মহানগৰীত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি অসম আৰক্ষীৰ

অসম আৰক্ষীয়ে কাইলৈ ভোটগণনাৰ বাবে গুৱাহাটী মহানগৰীত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ বয়-বস্তু পৰিবাহী যান-বাহনৰ চলাচল পুৱা ৪ বজাৰ পৰা ভোটগণনা শেষ নোহোৱা পৰ্যন্ত বন্ধ ঘোষণা কৰা হৈছে। একেদৰে গণনা কাৰ্য হ'বলগীয়া মণিৰাম দেৱান টেড চেণ্টাৰলৈ যান-বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বাবে ৰাজীৱ গান্ধী পথটো ন’-পার্কিং জ’ন ঘোষণা কৰাৰ লগতে এই পথটোৰে যান-বাহন চলাচল নিয়ন্ত্ৰণ কৰা হৈছে। ইপিনে, মণিৰাম দেৱান টেড চেণ্টাৰলৈ ইণ্ডিয়ান অইল ক’পৰেচন লিমিটেডৰ ...

May 17, 2024 7:13 PM

views 62

হাইলাকান্দিৰ ৰামনাথপুৰত মাদক দ্রব্যসহ সৰবৰাহকাৰীক আটক

হাইলাকান্দিৰ ৰামনাথপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মাদক দ্রব্য জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰীক আটক কৰে। মাদকদ্রব্য খিনি পাঁচটা প্লাষ্টিকেৰে নিৰ্মিত চাবোনৰ বাকচত কঢ়িয়াই অনা হৈছিল। সৰবৰাহকাৰীটোক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

May 7, 2024 12:49 PM

views 53

পুলিবৰ আৰক্ষীৰ গুলীচালনাত বিভিন্ন ডকাইতি কাণ্ডৰ সৈতে জড়িত কুশ কুটুম নামৰ এজন ব্যক্তি আহত

যোৰহাট জিলাৰ পুলিবৰ আৰক্ষীৰ গুলীচালনাত বিভিন্ন ডকাইতি কাণ্ডৰ সৈতে জড়িত কুশ কুটুম নামৰ এজন ব্যক্তি আহত হয়। আৰক্ষীয়ে লোকজনক আজি পুৱতি নিশা ৰান্ধনীজান অঞ্চলৰ পৰা আটক কৰাৰ সময়তে তেওঁ পলায়ন কৰিবলৈ চেষ্টা কৰাত গুলীচালনা কৰিবলৈ বাধ্য হয়। পাছত তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভর্তি কৰোৱা হয়।

May 3, 2024 11:50 AM

views 65

গোলাঘাট আৰক্ষীয়ে ভিন্ন ঠাইত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

◊ গোলাঘাট আৰক্ষীয়ে কেইবা ঠাইতো অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে। নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই গোলাঘাট আৰক্ষীয়ে প্ৰায় তিনি কেজি ওজনৰ হেৰ'ইন জব্দ কৰে। সৰুপথাৰ আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত অভিযান চলাই দুখন গাড়ীৰ পৰা হে'ৰইনখিনি জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। জব্দ কৰা হেৰ'ইনখিনি মণিপুৰৰ পৰা উজনি অসমলৈ অনা হৈছিল।

April 29, 2024 12:36 PM

views 61

গুৱাহাটীৰ খানাপাৰাত আৰক্ষীৰ বিশেষ কৰ্ম বাহিনীৰ ১২ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ

বিশেষ কৰ্ম বাহিনীয়ে গুৱাহাটীৰ খানাপাৰাত অভিযান চলাই প্রায় ১২ কোটি টকা মূল্যৰ হেৰ'ইন জব্দ কৰে। আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তৰ তদাৰকত অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকে চলোৱা এই অভিযানত এখন সৰু গাড়ীৰ পৰা হেৰ'ইনখিনি জব্দ কৰিছে। ঘটনা সংক্রান্তত দুজন লোকক আটক কৰা হৈছে। ইপিনে শুল্ক বিভাগে গুৱাহাটীৰ সমীপৱৰ্তী মির্জাত কালি অভিযান চলাই চোৰাংকৈ সৰবৰাহ কৰা ৭৬ কার্টন বিদেশী চিগাৰেট জব্দ কৰে। জব্দ কৰা চিগাৰ্টেখিনিৰ মূল্য প্রায় ২ কোটি টকা বুলি প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত শুল্ক বিভাগে তদন্ত...

April 4, 2024 1:23 PM

views 88

অভয়াপুৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ২৫ টা হেৰ’ইন ভর্তি কণ্টেইনাসহ এটা সৰবৰাহকাৰীক আটক

♦ বঙাইগাঁও জিলাৰ অভয়াপুৰীত কালি আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ২৫ টা হেৰ'ইন ভর্তি কণ্টেইনাসহ এটা সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীটো অভয়াপুৰীৰ ডুমুৰীয়া তৃতীয় খণ্ডৰ জাকিৰ আলী বুলি জানিব পৰা গৈছে। আনহাতে, নগাঁৱৰ ৰূপহীহাটত আৰক্ষীয়ে অভিযান চলাই তিনিটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচসহ মণিৰুদ্দিন নামৰ সৰবৰাহকাৰীক আটক কৰে। ইফালে, লোকসভা নির্বাচনৰ পৰিপ্ৰেক্ষিতত গঠন কৰা নিৰীক্ষণকাৰী দলে কালি কামৰূপ জিলাৰ ছয়গাঁৱৰ কালাতলীত বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে দুজন লোকক আটক কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা ম...

April 3, 2024 8:29 PM

views 92

ছয়গাঁৱৰ কালাতলীত বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে দুজন লোকক আটক

♦ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গঠন কৰা নিৰীক্ষণকাৰী দলে আজি কামৰূপ জিলাৰ ছয়গাঁৱৰ কালাতলীত বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে দুজন লোকক আটক কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, ধৃত লোক দুজনৰ পৰা ২০টা মাদক দ্রব্যভর্তি টেমা, ম'বাইল ফোন আৰু এখন মটৰ চাইকেল জব্দ কৰা হৈছে। লোক দুজনক ছয়গাঁও থানাত গতাই দিয়া হৈছে। ইপিনে, গোলাঘাট আৰক্ষীয়ে আজি বগৰীজেঙৰ আৰক্ষী ছাউনী খেলপথাৰত বুজন পৰিমাণৰ মাদক দ্রব্য দাহ কৰে। জিলা আৰক্ষী অধীক্ষক, অপৰাধ শাখাৰ উপ আৰক্ষী অধীক্ষকৰ উপৰি আবকাৰী বিষয়াৰ উপস্থিতিত ২ কোটি ৯৩ লাখ টকাৰ...