ৰাজ্যৰ বিভিন্ন ঠাইত আৱকাৰী আৰু আৰক্ষী বিভাগে অবৈধ সুৰা জব্দ কৰাৰ লগতে বিনষ্ট কৰে। বাক্সা জিলাৰ অন্তৰ্গত শিমলা আৰক্ষী থানাই জব্দ কৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা হোজোৱাৰ পতানৈৰ পাৰত ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ উপস্থিতিত নষ্ট কৰা হয়। উল্লেখযোগ্য যে চলিত বৰ্ষত শিমলা আৰক্ষী থানাই জিলাখনৰ বিভিন্ন স্থানৰ পৰা আঢ়ৈ লাখতকৈ অধিক টকাৰ সুৰা জব্দ কৰিছিল। একেদৰে ওদালগুৰিতো আৱকাৰী অধীক্ষকৰ তত্বাৱধানত প্ৰায় ৩ কোটি মূল্যৰ অবৈধ সুৰা পৌৰসভাৰ দাম্পিং গ্রাউণ্ডত নষ্ট কৰা হয়। অবৈধ সুৰাৰ এই জব্দ আৰু নষ্ট প্ৰক্ৰিয়া সন্দৰ্ভত ওদালগুৰি আৰক্ষীয়ে মুঠ ৫৫ টা গোচৰ পঞ্জীয়ন কৰিছে।
Assamese | July 21, 2024 7:04 PM | Assam Police
ৰাজ্যৰ বিভিন্ন ঠাইত আৱকাৰী আৰু আৰক্ষী বিভাগৰ অবৈধ সুৰা জব্দ